পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জোনবাই তোমালৈ এখন চিঠি

বুকুৰ সঁফুৰা খুলি লিখিছো তোমালৈ
বগা কাগজৰ বুকুত
নীলা চিঁয়াহীৰে
প্ৰাপ্তি - অপ্ৰাপ্তিৰ ডুখৰীয়া চিঠি
জোনবাই তোমালৈ
হৃদয়বিহীন জীৱাশ্ম হৈ পৰিছিলো
সিদিনা
যেতিয়া ঘন ক’লা আঁউসীয়ে
তোমাৰ মুখাৱয়ব ঢাকি ধৰিছিল
আৰু মোৰ দুচকু
সেন্দুৰীয়া সময়বোৰত
................
ক্লান্ত পথিকৰ দৰে আগবাঢ়িছিলো
তুমি তেতিয়াও মোৰ ছাঁ হৈ আছিলা
তোমাৰ সান্নিধ্যত
আন্ধাৰখিনিও গিলি থৈছিলো পোহৰ বুলি
বঠাবিহীন নাঁওখনো মেলি দিছিলো
দূৰ দিগন্তলৈ.......॥

বেদনাৰ মিঠা মাদকতা • ২৯