পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ৰিক্ত হৃদয়ৰ অনুভৱ

আপুনি জানেনে???
আপোনাৰ বিশাল হৃদয়ৰ কথা
আপোনাৰ কণ্ঠস্বৰত
মোৰ
ৰিক্ত হৃদয়ত
অনুৰাগ বাঢ়ে সংগোপনে
মৰম নামৰ অনুভূতিটো
কৃষ্ণচূঁড়া ফুলৰ দৰে হাঁহে
কেচা কলিজাত
বুকুৰ নিভৃত কোণত আপোনাৰ বসতি
আপোনাৰ উপস্থিতিত স্থবিৰ নদীখনে কথা কয়
কুলু-কুলু ধ্বনিৰে
নীৰবে চকুলো টুকি সৰি পৰা
হালধীয়া পাতবোৰ
ক্ৰমশঃ
হৈ পৰে সেউজীয়া॥

বেদনাৰ মিঠা মাদকতা • ৩