সমললৈ যাওক

পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অনুৰোধ কৰিছো আকৌ নাহিবা

ময়েতো দিছিলো তোমাক
বুকুত বৰপীৰাখন পাৰি
জীৱনৰ ছন্দ হেৰুৱা ক্ষণবোৰত
তোমাকে সংগী কৰি
জীৱনৰ বৈতৰণীখনলৈ আগবাঢ়িছিলো
ভগ্নস্তূপ স্মৃতিবোৰ তোমাকে কৈছিলো
লানি নিছিগাকৈ
তুমিয়েতো আছিলা সাক্ষী
অশ্মীভূত হোৱা হৃদয়ৰ
কিন্তু
কিয় জানো
আজি কালি
তোমাক ভয় কৰো
বুকুখনেও নোৱাৰে সহিব
তোমাৰ ভৰ
তুমি যোৱাগৈ
দূৰ সীমনালৈ
যোৱাগৈ তুমি
অনুৰোধ কৰিছো আকৌ নাহিবা
তুমি...........
অমানিশা??

বেদনাৰ মিঠা মাদকতা • ৯