পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তোমাক ভালপাঁও বাবে

তোমাক ভালপাঁও বাবে
দাৰুণ আন্ধাৰতো
পোহৰৰ ফালে ধাৱমান হওঁ
নিৰ্জলা পুখুৰীতো
দৰিকণা মাছৰ হাঁহি দেখো
কণ্টকময় বাটতো
বকুল ফুলৰ দলিচা সাজোঁ
দুঃখৰ ভৰতো
সুখৰ মালা গাঁঠো
তোমাক ভালপাঁও বাবে
গলি গলি শেষ হ’ব ধৰা
অনুভূতিবোৰ
শব্দৰ লেচেৰিৰে গোঁজি থওঁ
সেউজীয়া কাগজত
তোমাক ভালপাঁও বাবে
ফৰিংফুটা জোনাকৰ টোপালত তিতি
নিৰ্জন নিশা।
শৃংগ বগাওঁ॥

১৬ • বেদনাৰ মিঠা মাদকতা