সমললৈ যাওক

পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জীৱন

বহু আভৰণে বিভূষিত
তুমি
তোমাৰ মাজতে নিমজ্জিত
সুখ
দুঃখ
শব্দহীন হুমুনিয়াহ
প্ৰোথিত হৈ থাকে কোঁহে কোঁহে
অৰুণিম সপোন
পোখা মেলে সংগোপনে
উদাসী অৰণ্যত
ৰাশি ৰাশি
ৰক্ত কুসুম॥

বেদনাৰ মিঠা মাদকতা • ২২