পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ফাগুনী

প্ৰকৃতিৰ বুকুত উতনুৱা বতাহত
ওলমি নাচি উঠে
তেজৰঙা- শিমলু, মদাৰৰ
হাঁহি
ধূলিৰে ধূসৰিত ধৰিত্ৰীৰ বুকুত
শুকান শুকান পাতৰ
দুৰ্দশা দেখি
উচুঁপি উঠে
উদং বিৰিখৰ চূড়াত বহি ফাগুনী
শুকান পথাৰৰ যন্ত্ৰণা দেখি
এঙেৰুৱা মনে
পথৰুৱা বাটে ঘৰমুৱা হয় ককাইটি
তথাপিও
ফাগুনীয়ে আনে
জোনাক জোনাক সপোন॥

বেদনাৰ মিঠা মাদকতা • ১৭