পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

হঠাৎ নদীখনে গতি কৰিলে

হঠাৎ নদীখনে গতি কৰিলে
ৰ’দৰ জিলিঙনিয়ে
পানীত মুকুতাৰ দলিচা তৰিলে
যেতিয়া
জঠৰ হাতখনত কলম তুলি ললো
দুঃখবোৰ সফুঁৰাত ভৰাই
সুখৰ মুদ্ৰাৰে
সপোনৰ কাৰেং সাজিলো
উশাহত গাঁঠি ললো
আশাৰ এসাগৰ জোনাক
পলকতে সাৱটি ললো
চুটি হব ধৰা দিনটো
খহটা হৃদয়খনত
ঘৰ্ষণ হ’ল পোহৰৰ॥

বেদনাৰ মিঠা মাদকতা • ৩৫