সমললৈ যাওক

পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নিৰ্জনতাৰ কিৰিলি

তুমি বাৰু নিৰ্জনতাৰ কিৰিলি
শুনিছানে?
নাই শুনা?
আহিবাচোন এদিন
মোৰ উৰুখা পঁজালৈ
পৰিচয় কৰি দিম।
নিঃশব্দে আহি
তোমাৰ বাঁউসীত বহিব
মন নকৰিলেও আক্ষেপ নাই
কেতিয়াবা
প্ৰচণ্ড অভিমানৰ টুকুৰাবোৰ
তোমাৰ মুখলৈ ছটিয়াই দিব
বুকুখনত খামুচি ধৰি
শিপাব
তুমিও তোমাৰ অলক্ষিতে
তেওঁৰ নীলা চকুযুৰিত ডুব যাবা
গভীৰৰ পৰা গভীৰতালৈ.....॥

১৮ • বেদনাৰ মিঠা মাদকতা