সমললৈ যাওক

পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কিতাপ

খোদিত হৈ ৰয়
তোমাৰ বুকুত
কত ইতিহাসৰ ছবি
য’ত
পৃথিৱী, আকাশ
নদী, বতাহ
সুখ, দুঃখ
জীৱনৰ প্ৰতিচ্ছবি
তোমাৰ বুকুত
খোদিত শব্দই
দিক নিদৰ্শন দিয়ে
তুমি আন্ধাৰ বাটৰ
পোহৰৰ প্ৰতীক
নিসংগতাৰ সংগী
তোমাৰ বুকুৰ শব্দৰ চোতালখনত
মুখ গুজি
যন্ত্ৰণাক্লিষ্ট শৰীৰেও প্ৰেৰণা পায়
জীৱনৰ প্ৰেমত পৰে॥

বেদনাৰ মিঠা মাদকতা • ২৩