সমললৈ যাওক

পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তুমি অহাৰ বাটত

তুমি অহাৰ বাটত
তামসী আকাশখনেও
শুভ্ৰতাৰ আস্তৰণ পাৰে
পশ্চিম আকাশত
জীৱনৰ সূৰ্য্যই
স্মিত হাঁহি মাৰে
হৃদয়ৰ চেতনাৰ চোতালখনো
সজীৱ হৈ পৰে
সৃষ্টিৰ কঁঠীয়াই
ধু ধু শূন্যতাতো
আশাৰ পোখা মেলে
এঙেৰুৱা কলিজাও
প্ৰাণ পাই উঠে
তুমি অহাৰ বাটত॥

বেদনাৰ মিঠা মাদকতা • ৪