পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মৌনতা

মৌনতাৰো আছে নিজা ভাষা
মাথো অনুভৱ কৰিলেই হল
থুপ খাই
মৌন ওঁঠত
ওলমি থাকে
আকলুৱা হৃদয়ৰ গোপন কথা
মই হীনতাই কি হয় তোমাৰ
তুমি হীনতাই কি হয় মোৰ॥

বেদনাৰ মিঠা মাদকতা • ১