বনৰ বন্ধুৰ মনৰ খবৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

বনৰ বন্ধুৰ মনৰ খবৰ
আৰু
আন আন কবিতা

 

জীৱন মাধুৰী নেওগ বৰা

 

নন্দন প্ৰকাশ
আজলীতৰা
গুৱাহাটী-৭৮১০০৫

 
[  ]  

BONOR BANDHUR MONOR KHABAR : A collection of poems (Assamese) for children by Smt. JEEWAN MADHURI NEOG BORA and published by NANDAN PRAKASH, Ajaleetara, Guwahati-781005.  

প্ৰকাশক : নন্দন প্ৰকাশ
  ‘আজলীতৰা’
  গুৱাহাটী শ্বিলং পথ
  গুৱাহাটী-৭৮১০০৫  

বেটুপাত আৰু অঙ্গসজ্জা : অতুল বৰা  

প্ৰথম প্ৰকাশ : ১৯৯৮ চন  

মূল্য ৩০ টা

মুদ্ৰকঃ শৰাইঘাট প্ৰিন্টাৰ্ছ
  এম. চি. ৰোড
  গুৱাহাটী-৭৮১০০৩   [  ]

প্ৰীতিবাক্

 পোহনীয়া জীৱ-জন্তুৰ প্ৰতি শিশুৰ সাধাৰণ আৰু অকপট আকৰ্ষণ আৰু অলপ বঢ়াই দিলেই বনৰ জন্তুকো সহজে সামৰি ল'ব পাৰে। মানৱ সভ্যতাৰ আদি যুগৰ পুৰাণ কথা আৰু লোক কাহিনীত জীৱ-জন্তুৱে মানুহৰ দৰে কথা কয়। জীৱনৰ আদি স্তৰত অৰ্থাৎ শৈশৱত মানৱ শিশুৱে আন জীৱ-জন্তুকো সিহঁতৰ দৰে কথা বতৰা পাতিব পৰা প্ৰাণী বুলিয়েই ভাবে।

 সেই পৰম্পৰাকে ভিত্তি কৰি শ্ৰীমতী জীৱন মাধুৰীয়ে জীৱ-জন্তুৰ বিষয়ে কবিতা লেখিছে য'ত অমাত জীৱ-জন্তুৱে মানুহৰ দৰেই আচৰণ কৰে। তাৰ লগতে ধেমালিৰ ছলেৰে শিকোৱাৰ আঙ্গিকটোও ব্যৱহাৰ কৰিছে প্ৰচ্ছন্ন ভাবে।

 মোৰ দৰে বুঢ়া মানুহেও সেইবোৰ পঢ়ি আনন্দ পাইছোঁ। শিশু-কিশোৰে নিশ্চয় ‘আমোদ’ পাব। লগতে যদি জীৱ-জন্তুক ভাল পাবলৈ শিকেও⸺ সেইটো ওপৰঞ্চি লাভ।

 যাৰ বাবে কিতাপখন লিখা হৈছে, তেওঁলোকে হাতত তুলি ল’লেই লেখিকা কৃতজ্ঞ হ'ব।

 তাকেই আশা কৰিছোঁ।

নৱকান্ত বৰুৱা
গুৱাহাটী

 
[  ]
 

মোৰ মনৰ কথা

 প্ৰতিজন মানুহৰে মনৰ ভিতৰত একোটি শিশু-মন থাকেই। এই শিশু-মনটোৰে শিশুৰ কল্পনা জগতখনত বিচৰণ কৰি ফুৰিবলৈ মোৰও বৰ ভাল লাগে।

 ‘শিয়ালি এ’ নাহিবি ৰাতি, তোৰে কাণে কাটি লগাম বাতি’ নিচুকনি গীতটি শুনি সৰুতে আমি যিমান ভয় খাইছিলো আৰু টোপনি যাবলৈ চকু মুদি দিছিলো, আজিকালিৰ শিশুবোৰে কিন্তু ইমান অভিভূত নহয় যেন লাগে। থুনুক-থানাক মাত ফুটাৰ পৰাই প্ৰশ্নও কৰে অদ্ভুত অদ্ভুত। সিদিনা মোৰ ভাগিনী 'মানৱী’ৰ দুবছৰীয়া জীয়ৰী ‘মুনমা'ক আইতাকে—'আমাৰে মুন্‌মা শুব এ', বাৰীতে বগৰী ৰুব এ', বাৰীৰে বগৰী পকি সৰিব, আমাৰে মুন্‌মাই বুটলি খাব’ নিচুকনি গীতটি গাই শুৱাবলৈ যত্ন কৰোঁতে টোপনি যোৱাতো বাদেই উঠি বহি লৈ আধাফুটা মাতেৰে কৈছিল—“তেনেকৈ নাগাবা আইতা। মুন্‌মা ভাল ছোৱালী! ভাল ছোৱালীয়ে মাটিত পৰা বস্তু নাখায় নহয়!”

 মন কৰিছো—সদায় দেখি শুনি থকা জীৱ-জন্তুবোৰক মানুহৰ ভাৱ-ভঙ্গীৰে মানুহৰ দৰে সজাই তুলিলে শিশুৱে বৰ ৰং পায়। ককাইদেউ (চন্দন)ৰ ল'ৰা ৰুঙ্কু চাৰি বছৰীয়া থাকোতে এবাৰ মাঘ বিহুত ‘বাঘে মাঘৰ বিহু পাতি’ কি কি কৰিছিল বুলি বৰ্ণাই বৰ্ণাই কওঁতে কি যে ৰস পাইছিল। ভাইটি 'বন্দন’ৰ জীয়ৰী চুমকিয়ে দুবছৰীয়াৰ পৰাই সাধু শুনি খুব ভাল পায় আৰু শুনি থকা সাধুটো নিজেও নিয়াৰিকৈ ক'ব পাৰে। তেওঁক 'হাতীৰ ছাতি’ এটা আছিল বুলি, এবাৰ ‘গড়ৰ জ্বৰ’ হৈছিল বুলি ছন্দ মিলাই মিলাই কওঁতে আনন্দত উজ্বল হৈ উঠা চকুযোৰেৰে খিল-খিলাই হাঁহি আকৌ কোৱাচোন” 'আকৌ গোৱাচোন' বুলি কৈ কৈ নিজেও আওৰাবলৈ লোৱা দেখি বুজিছিলো—এনেকুৱা অদ্ভুত কল্পনাবোৰ কবিতাৰ দৰে ক'লে তেওঁলোকে বেছি সোৱাদ পায়। তেওঁৰ এই আনন্দখিনিয়েই মোৰ প্ৰেৰণা হৈছিল আৰু বহী এখনত কবিতাকেইটা লিখি থৈছিলো।... ৰুঙ্কু, চুমকি ডাঙৰ হ’লহি। মোৰ কবিতা কেইটা পিচে বহীৰ পাততেই থাকি গ'ল। তাৰে দুই-তিনিটা কবিতা কাকত-আলোচনীৰ শিশু শিতানত প্ৰকাশ হৈছিল। এটা কবিতা দূৰদৰ্শনৰ ধেমেলীয়া কবিতাৰ অনুষ্ঠানত প্ৰচাৰ হৈছিল। ষষ্ঠমান পোৱাহি চুমকিয়ে পিচে এতিয়াও আমাৰ ঘৰলৈ আহিলেই সেই সমান আগ্ৰহেৰেই বহীখন মেলি কবিতা কেইটা আবৃত্তি কৰা দেখি 'কবিতা পুথি’ এখন ছপাই উলিওৱাৰ কথা ভাবিলো। 'এওঁ' শ্ৰীঅতুল চন্দ্ৰ বৰাইও আগ্ৰহ কৰাত কিতাপখন প্ৰকাশ কৰিবলৈ ল'লো।

 বিশেষভাৱে প্ৰেৰণা পালো—এখুদ মামা (শ্ৰীনৱকান্ত বৰুৱা)ক কবিতা কেইটা দেখুৱাওঁতে তেখেতে কেইবাটাও পৰামৰ্শ দিয়াৰ উপৰিও ‘প্ৰীতিবাক্‌’ এষাৰ লিখি দি উৎসাহিত কৰাত। তেখেতৰ মৰমৰ ঋণী হৈ আছোঁ। শিল্পী শ্ৰীঅতুল বৰুৱাই তেওঁৰ সুনিপুণ তুলিকাৰে ছবি কেইখন আঁকি দিয়াত তেখেতলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। এই প্ৰতিভাবান শিল্পী গৰাকীৰ লগত যোগাযোেগ কৰাই দিয়া শ্ৰীমতিউৰ ৰহমানলৈ থাকিল অশেষ ধন্যবাদ।

 'বনৰ বন্ধু'বোৰৰ কথা কোৱাৰ লগতে 'জোনবাই’ৰ লগত হাঁহি ভালপোৱা, 'ফল-ফুল’ৰ লগত কথাপতি ভালপোৱা যিষ্ণু, মুন্‌মা, চুমু, সুমনলৈ জনালোঁ—‘জোনাবাই’ আৰু 'ফল-ফুল’ৰ মনৰ কথা।

 মই মোৰ মনৰ কথাও এনেকৈয়ে জনালোঁ।

জীবন মাধুৰী নেওগ বৰা

[  ]

হাতীৰ ছাতি

হাতীয়ে বোলে
সদায় ৰাতি
মাটিতে হয় কাতি;
বিছনা তিছনা
বেচেৰাৰ নাই
সকলো গল ফাটি॥

নাযাব ফাটি?
বিৰাট বপুৰে
বিছনাত হ’লে কাতি!
সেয়ে হাতীয়ে।
মাটিতে শোৱে
সদায় সদায় ৰাতি॥

[  ]


ভাইটিয়ে হেনো
এবাৰ হাতীক
দিছিল এটি ছাতি,
বপুৰাৰ কথমপি
মূৰটোহে সোমায়
বাকীখিনি থাকে তিতি॥

সেয়ে এবাৰ তাৰ
পানী লাগি গ'ল
বৰষুণত তিতি তিতি,
দীঘল নাকেৰে
পানী ব’ই থাকে
কাহিও থাকে ৰাতি॥

[  ]

বুকুৱে পিঠিয়ে
ভিক্স মালিছ কৰি
নাকতো ল’লে সানি,
দীঘল নাকেৰে
ভিক্স উজাই মানে
আহিয়ে পালে পানী॥

শুঁৰ ডালে আক’
নাক আৰু হাত
দুইৰো কামেই কৰে,
এবাৰ নাকৰ
পানীবোৰ পেলায়
এবাৰ ছাতিটো ধৰে॥

[  ]

তেনেকৈ নাকৰ
 পানী মোচোঁতেই
  ছিটিকি পৰিল ছাতি,
   এন্ধাৰে মুন্ধাৰে
    কেনেকৈ বিচাৰে
     নাই বিজুলী বাতি॥

তেতিয়াৰ পৰাই
 হাতীক হেনো
  নালাগে বোলে ছাতি,
   ৰ’দ বৰষুণ
    সকলো সহে
     নাখায়ো দৰব-জাতি॥

ৰাজ গাম্ভীৰ্যৰে
 খোজকাঢ়ি যায়
  গুৰু গম্ভীৰ গতি
   শোভা যাত্ৰাৰ
    আগৰ শাৰীত
     শোভে আমাৰ হাতী॥

[ ১০ ]

গঁড়ৰ জ্বৰ

গড়গাঁৱলৈ যাওঁতেই গঁড়ৰ
 উঠিল ভীষণ জ্বৰ,
বিছনাৰ পৰা উঠিবই নোৱাৰে
 কঁপিছে থৰ্‌ থৰ্‌॥

মাজে মাজে আক’ ভ্ৰমও বকিছে
 কৰিছে ধৰ্‌ ফৰ্‌
নাকেৰেওচোন শব্দ ওলাইছে
 ঘৰ্‌ ঘৰ্‌ ঘৰ্‌॥

গড়নীয়ে দৰৱ খুৱাব খুজিলে
 কৰি খৰ্‌ ধৰ্‌
গঁড়ে আক’উ দৰব নাখায়
 তিতা হেনো বৰ॥

[ ১১ ]

উপায় নাপাই গঁড়নীয়ে গ’ই
 মাতিলে ডাক্‌তৰ্‌,
বেজী লৈ অহা ডাক্‌তৰ্‌ক দেখি
 গঁড়ে মাৰিলে লৰ॥

জ্বৰৰ গাৰেই গঁড়ে গ’ই গই
 পালেগৈ ৰংঘৰ,
ডাক্তৰৰ ভয়ত লুকাই থাকিল
 তাতেই বহুত পৰ॥

ইফালে সিফালে চাওঁতে সিপাৰে
 দেখিলে তলাতল ঘৰ,
অবাক হ’ল তলাতল ঘৰত
 দেখি ইমানবোৰ ঘৰ॥

[ ১২ ]

তাতেই আক’উ লুকাই আছিল
 এক নিশাচৰ,
তাকেহে চাইছে ভাবি নিশাচৰে
 মাৰিলে ভিৰাই লৰ॥

বিজুলীবেগে কিবা যোৱা যেন দেখি
 গঁড়েও মাৰি লৰ
পিছে পিছে তাক খেদি ল’ই গ'ল
 চিঞৰি ‘ধৰ্‌ ধৰ্‌'॥

ল’ৰি ল'ৰি তাক খেদি থাকোতেই
 পালেগৈ হাবি বৰ
তাতে নিজৰ প্ৰতিচ্ছবি দেখি
 গঁড় লাগিল থৰ॥

বাহ্ এয়াচোন কাজিৰঙা হাবি
 গঁড়ৰ নিজা ঘৰ
ঘৰ পায়েই গঁড়ৰ দেখোন
 ভাল গৈ গ'ল জ্বৰ॥

[ ১৩ ]

বাঘৰ মাঘ বিহু

মাঘ বিহু পতাৰ মনেৰে
 বিহু কমিটি কৰি
সিংহক কমিটিৰ সভাপতি পাতি
 বাঘ হ’ল চেক্ৰেটাৰী॥

হাবিৰ সকলো জন্তু মিলি
 বিহু পাতিব মাঘৰ।
বহু দিনৰ পৰাই গাত তৎ নাই
 বিহু চেক্ৰেটাৰী বাঘৰ॥

সকলো জন্তুকে সবিনয়ে ক'লে
 লাগি দিবা হাতে-পাতে
হাতীক খৰিৰ দায়িত্ব দিলো
 মেজি ডাঙৰ হয় যাতে॥

[ ১৪ ]

পিঠা কৰাৰ বহু লেঠা-পিঠা দেখি
 সেইবিধ বাদ্‌ দি থলে,
উৰুকা ৰাতিৰ ভোজৰ বাবেহে।
 ‘মেনু’ ঠিক কৰিব ল'লে॥

ভলুকা বাঁহেৰে ভালুকে ভালকৈ
 ভেলাঘৰ সাজিব ল'লে
গঁড়ে গাঁত খান্দি গড় এচটাৰে
 খুটাবোৰ পুতি দিলে॥

জিৰাফৰ পিঠিত উঠি লৈ বান্দৰে
 নৰাবোৰ চাললৈ নিলে,
মুধৰ মাৰলিত টঙালিৰ গাঠিবোৰ
 জিৰাফেই বান্ধি দিলে॥

[ ১৫ ]

জেব্ৰাই দূৰলৈ জাবৰবোৰ পেলাই দি
 ঠাইখন চিকুণালে,
শহাপহু আৰু হৰিণা পহুৱে
 আনন্দত জপিয়ালে॥

হাতীয়ে গোটেই ৰাতিটো খাটি
 কঢ়িয়াই কাঠ খৰি,
ঠাক্‌ ঠাক্‌ কৈ মেজিত জাপিলে
 যিমান ওখকৈ পাৰি॥

উৰুকাৰ ৰাতি সকলোবোৰৰ
 উখল মাখল মন,
মাঘৰ বিহুত এইবাৰ প্ৰথম
 ভোজৰ আয়োজন॥

আটায়ে মেজিত পেট-পিঠি সেকি
 খাবলৈ বহিল ভোজ-ভাত,
ঘোঙে ঘূৰি ঘূৰি সকলোৰে আগত
 পাৰি দিলে কলপাত॥

সকলো ব্যঞ্জন আমিষৰ দেখি
 হাতীৰ উঠিল বৰ খং
নিৰামিষ ভোজীলৈ একোকে নাৰান্ধি
 বাঘে কি চাইছে ৰং॥

একেলগ হৈ মাঘ বিহু পতা
 বাঘৰ মাথোঁ এয়া চং,
সকলো মিলি ভোজ ভাত খোৱাও
 মাথো সমন্বয়ৰ ঢং॥

[ ১৬ ]

সভাপতি সিংহক হাতীয়ে মাতিলে
 ‘সমস্যালৈ দিয়া কাণ,
নিৰামিষ ভোজীৰ কাৰণে এয়া
 সাংঘাতিক অপমান॥

হাতীৰ কথালৈ কাণেই নকৰি
 বাঘ-সিংহই খোৱাত লাগিল,
মৰক্‌ মৰক্‌কৈ চোবাই হাড়-মূৰ
 গুড়ি কৰিয়ে থাকিল॥

হাতীয়ে খঙত একো নাই হই
 ভেলাঘৰ ভাঙি দিলে,
শূঁড়ৰ পানীয়ে মেজিৰ জুইও
 তেনেই নুমাই নিলে॥

[ ১৭ ]

নিমিষতে দেখে চাৰিও পিনে
মহা হুলস্থূল হ’ল,
মাৰপিট গালি চিঞৰ বাখৰত
তাল্ ফাল্ লাগি গ'ল॥
চৰু তৰুবোৰ লঠিয়াই লুটিয়াই
ৰন্ধাবোৰ পেলাই দিলে,
শিয়ালে আহি সুযোগ বুজি,
তাৰে কিছুমান নিলে॥
কোনেও একোকে খাবলৈ নাপালে
সকলো ভোকতে ৰ'ল,
ইমান দিনৰ আয়োজন, আনন্দ
পলকতে শেষ হ’ল॥
মুখৰ আগৰ খোৱা বস্তু গ’লে
ভোকত কেনেকুৱা লাগে,
বাঘ-সিংহই আজিহে বুজিলে
সৱাৰে একে হয় চাগে॥
নিৰামুহীয়া জীৱবিলাকক
হাতয়োৰ কৈ ক'লে,

[ ১৮ ]

‘আগলৈ এনে কাম কেতিয়াও নকৰোঁ
ইবাৰলৈ ক্ষেমিবা হ’লে॥’

আপোনপেটীয়া গাইগোট ভাব
এই মেজিতেই দি জাহ্
ন-মেজি জ্বলাই আলুও পুৰিম
মজা হ’ব বাঃ বাঃ॥
সকলোৰে কথা ভাবি সকলোৱে
মিলি জুলি কৰিম কাম,
মাঘৰ বিহুৰ দিনাই সঁচা
মিলনৰ গীত গাম॥

[ ১৯ ]


কাউৰীৰ মাষ্টৰী

শালিকাৰ সেই বালিকা বিদ্যালয়ত
নাম লগাবলৈ গ'ই,
হাঁহে হাঁহি হাঁহি চৰচৰনি খালে
ফলি পুথি একাষে থ’ই॥
জাউৰী জাউৰী প্ৰশ্ন সুধিছে
কাউৰীয়ে মাষ্টৰী কৰি
পাৰই পঢ়াবোৰ পাৰিছে নে নাই
চাইছে পৰীক্ষা কৰি॥

কুলিয়ে চুলিবোৰ আচুৰি আচুৰি
বেক্ ব্ৰাচ কৰি তুলি,
ক্লাচৰ পৰা ওলায়েই গ'ল
গান গাবলৈ বুলি॥

[ ২০ ]

বালিমাহীয়ে কাহি কাহি ক'লে
 মইও যাবহে লাগে,
বুল্‌বুলিয়ে কৈছে কুল্‌কুলি কৰিলেহে
 কাহ ভাল হ'ব চাগে॥

কপৌ তিতি বুৰি জলৌ জপৌ হৈ
 শোঁত শোঁতাবলৈ লাগিল,
কুকুৰাই একুৰা জুই জ্বলাওঁ বুলি
 বাহিৰলৈ ওলাই আহিল॥

ভাটৌৱে আকৌ টৌ এটা লৈ
 পানী ভৰাই ললে,
ঘন চিৰিকাই চকু পিৰিকাই
 টৌ জুইৰ ওপৰত থ’লে॥

[ ২১ ]

চিলনি আক’ পঢ়াশালি এৰি
 তিলনি খাবলৈ গ'ল,
শেনৰ হেনো নিতে থেন্ থেন্‌
 চকু বৰ বেয়া হ'ল॥

ফেঁচাৰ বোলে কেঁচা ভেঁটিত বহি
 বৰ চেঁচা লাগি যায়,
হুদুৰ হেনো হ'ই-গুদু খেলৰ
 চেম্পিয়ন হোৱাৰ অভিপ্ৰায়॥

মৌৰাৰ আকৌ দৌৰাত হে ৰাপ
 পঢ়া-শুনাত মন নাই,
তেলীয়া সাৰেঙক তেল দিছে যেন
 নেশ্যনেলত ঠাই পায়॥

[ ২২ ]

টিপচিৰ আক’ অকণমানতে
 ঠেঁহ উপচি পৰে,
পঢ়া সুধিলেই তলমূৰ কৰি
 কান্দো কান্দো যেন কৰে॥

পাৰই পঢ়া পাৰক নোৱাৰক
 চেষ্টা হ'লে কৰে,
বগলীক ‘স্কুললৈ নগলি’ সুধিলে
 নুশুনা ভাও ধৰে॥

কেতেকীয়ে আক’ কটকী পঠাইছে
 ছুটিৰ দৰ্খাষ্ট লিখি
হাঁহে হাঁহি হাঁহি বাগৰি পৰিছে
 কাণ্ড কাৰখানা দেখি।

শালিকাৰ নো বালিকা স্কুলখন
 কি লাভ হ’ল খুলি,
তালিকাত কাৰো নামেই নাই যদি
 পঢ়া শুনা কৰোঁ বুলি॥

কাউৰীয়ে খঙত চিঞৰি চিঞৰি
 কৰিলে কা-কা,
‘পঢ়া-শুনাত যদি মন নাইকীয়া
 যা-ঘৰলৈ যা॥'

[ ২৩ ]

মানুহে লোকে পঢ়া শুনা কৰি
 বুদ্ধি কৰি লৈছে ভাল,
আমাৰ চৰাইবোৰৰ একোৱে নহ’ব।
 গতি সেই গছৰ ডাল॥

মানুহৰ তো পাখি নাছিল।
 খোজ কাঢ়িহে ফুৰে,
বুদ্ধিৰ বলত এতিয়া সিহঁতেও
 আমাৰ দৰেই উৰে॥

আমাক বহিষ্কাৰ কৰাৰ বাবে
 কত যে পাতিছে পাঙ,
দেখা নাই? সিহঁতে গছ-বন কাটি
 কৰিছে খাষ্টাং॥

গছবোৰ কাটিলে আমি চৰাইবোৰে
 ক’তনো সাজিম বাহ
দেখি শুনিও যদি গাত হুচ্‌ নাই
 নালাগে পঢ়িব যাহ্‌॥

মৌৰাই যিমানে দৌৰা পাৰক
 অলিম্পিকত নিদিয়ে ঠাই,
কুলিয়ে যিমানেই সুৱদি নাগাওক
 টি ভি লৈ আমন্ত্ৰণ নাই॥

[ ২৪ ]

বগলীৰ যিমানে মাছৰ চখ হওক
 ‘ফিচাৰি' নিদিয়ে খুলি
হাঁহ-কুকুৰাক কেতিয়াও নকয়
 পলট্ৰীৰ গৰাকী বুলি॥

হ’ই-গুদু খেলি হুদুৱে নোৱাৰে
 স্পৰ্টছ চেম্পিয়ন হ’ব
ভাটৌক স্বমাত পাহৰিবলৈহে
 মানুহে শিক্ষা দিব॥

গছ কাটি আমাৰ জীয়াই থকাৰ
 অধিকাৰ খিনিও হৰিল,
আৰ্‌ চি চি ঘৰৰ মুধচতো আমাৰ
 বাহ সজাৰ মুদা মৰিল॥

[ ২৫ ]

বাহ সাজিবলৈ ঠাই নহ'লে।
 ক’ত গুজিবি মূৰ
ধুমুহা বতাহে কোবাই পেলাব
 উৰিবি কিমান দূৰ!

এনেকৈয়ে আমাৰ প্ৰজাতিবোৰ
 যদি মৰি হয় শেষ,
‘চিৰিয়াখানা’লৈ ধৰি বান্ধি নিব
 যি থাকে অৱশেষ॥

‘চিৰিয়াখানা’ মানুহৰ বাবে।
 আমোদ প্ৰমোদৰ ঠাই
আমাৰ বাবে কাৰাগাৰ মাথোঁ
 স্বাধীনতা একো নাই॥

এতেকে তহঁতে যি কৰ কৰ
 চাই লই গুণি ভাবি
বুদ্ধি বিচাৰ নহ'লে কিন্তু
 তেনেই ৰসাতলে যাবি॥

[ ২৬ ]


ফলৰ মোল

ঔটেঙা আৰু নেমুটেঙাৰ বোলে
থেকেৰা বাৰীত ঘৰ,
কুঁজি থেকেৰাই তাকে কই কই
ৰস পায় হেনো বৰ॥
আমলখিয়ে লিখিয়েই দিয়ে
কাৰণ মাতটো কেঁহা,
সুমথিৰাই হে থিৰ কৰা নাই
ক’ত নো কৰিব বেহা॥

আপেলে বোলে পে পে কৈ
ঢেৰ কথা গল কই
মধুৰিয়ে হেনো বেয়াই পাইছে
আচহুৱা যেন হই॥

[ ২৭ ]

কইছে বোলে আপেলতকৈ
কোন গুণে মই কম
ঘৰতে পায় বুলিহে মোৰ
গুণৰ নাপায় গম॥
আঙুৰ আকউ সাঙোৰ খালে
মৌচম্বীহঁতৰ দলত
লেতেকু পণিয়লক গাঁৱলীয়া বুলি
সিহঁতে নলয় লগত॥
কথকী কঠালে কৈ পঠালে
সদায় সাৱধান হ’বা,
কোনোবাই মূৰত কঠাল ভাঙিলে
মজাটা ভালকৈ পাবা॥
আমহে পিচে বৰ কামৰ
দেশে বিদেশে গই
সকলোকে বোলে ফুচুলাই ফুৰিছে।
লেংৰাকো লগত ল'ই॥
জামৰ সেয়ে আমৰ লগত
বৰ এটা ভাল নাই,
নোৱাৰাতহে সহি আছে।
আলেখ লেখবোৰ চাই॥

[ ২৮ ]

ৰবাব টেঙাই কৰ্দ্দৈক ক'লে
 মোৰ হে বিষয় বাব নাই,
তুমি কিন্তু বে’চ ফিল্ড কৰিছা
 অভিজাত ঘৰতো ঠাই॥

কৰ্দ্দৈয়ে শুনি লাজ কৰি ক'লে
 ৰহদৈলৈ হাঁহি চাই
‘জণ্ডিছ ৰোগ’ আছে বুলিহে
 আছোঁ মান কণ পাই!!

নাৰিকলে কলে চোৱাচোন অকলে
 কিমান পাইছে মৰম,
ডিনাৰে, লান্সে সবাহে সকামে
 সিহঁতৰ বজাৰ গৰম॥

[ ২৯ ]

কুহিয়াৰ পিচে বে’চ হুঁচিয়াৰ
 সলনি দেখি দিন কাল
(ভাবিলে) পূজা সবাহত নিজকে লগাই
 সসন্মানে থকাই ভাল॥

দেশী বিদেশী অনেক ফল
 সকলোৰে আছে গুণ
সোৱাদ হলেও শুকান পিছে
 ৰস হে নাই একণ॥

ৰস নাই বুলিয়ে নজহি নপমি
 বহুত দিনলৈ থাকে
গোটেই বিশ্বতে সকলো ঋতুতে
 ফলৰ যোগান ধৰে॥

যেতিয়াই মন যায় তেতিয়াই পোৱা যায়
 সেয়ে সিহঁতৰ নাম,
সেই বুলিয়েই ৰসাল ফলতকৈ
 বাঢ়েও সিহঁতৰ দাম॥

“সেইটো আক’ কেনেকৈ হয়,
 কিয় বাঢ়িব দাম?
সকলো ফলেইতো একে ভিটামিনৰ
 নানা ভাৱে কৰোঁ কাম৷”

[ ৩০ ]

“সংখ্যাতো বোলে তাকৰ ইয়াত
 আখৰোট, পেষ্টা ফল,”
“ডাল ভৰি আমি লাগি দিওঁ বুলি
 চবেই পাইছে ছল॥”

কঠালে কথাটো ঠিকেই কৈছিল
 সাৱধান নহ’লে আমি
কোনোবাই এদিন সৱাৰে মূৰত
 খাব কঠাল ভাঙি॥

[ ৩১ ]

ফুলৰ ঠেঁহ

বহুদিন দেখোন
 আমাৰ ফুলনিৰ
  ফুলবোৰ ফুলা নাই,
সুধিলো ‘অ’ ফুল
 নুফুলা কিয়
  শুনিছানে তুমি নাই?”
 অলপ সময়লৈ
  নামাতি নুবুলি
   এবাৰ কেৰাহিকৈ চাই,
 ভেকাহিৰে ক'লে
  ‘মই ফুল গছহে
   চিনি পোৱা জানো নাই।'
  ‘আগে পিচে চবেই
   ফুল গছ জোপাকে
    ‘অ’ ফুল’ বুলি মাতে
  মই মাতোঁতেহে
   লাগিল জগৰ
    নামাতো সোতৰই সাতে॥
   ভাললৈ বুলি
    ‘তুমি’ বুলি কই
     সুধিলো নুফুলা কিয়,

[ ৩২ ]

‘গৰুৱে আগ খায়’
 বুলি ক'লেই হ'ল
  তাকে নো নোকোৱা কিয়?'
  ‘মিছা কথা মই
   কিয় কম বাৰু
    গৰুৰ গাত দোষ দি
   তোমাৰ বাৰীত
    লোহাৰ ফেন্সিং
     গৰুৱে খাবনো কি?

   ‘তেনেহলে নো
    কেলেই নুফুলা
     কৈ নিদিয়া কিয়—
    নিতৌ পাইপেৰে
     পানী দি মই
      চাই থাকোঁ হৈ থিয়॥

[ ৩৩ ]

গাড়ীয়ে গাড়ীয়ে
 মালীয়ে আনে।
  গোবৰ পচন সাৰ
 মা দেউতাই
  টাব আনি দিয়ে
   মাটিও ভাৰে ভাৰ॥
 নাৰ্চাৰীৰ পৰা
  ইমান টকা দি
   গছ পুলি আনো কিনি
  একোটা পুলিৰ
   যিমান হে দাম
    বিচুৰ্ত্তি খাবা শুনি॥
  ‘তুমি তোমাৰহে
   দুখ বুজিছা
    আমালৈ ভাবিছে কোনে
   আমাৰ মনত যে।
    দুখ লাগিলেও
     হাঁহি ফুলিব লাগে!
   আমাৰ মাহঁতৰ
    হাত ভৰি কাটি
     ‘কলম’ কৰি যে দিয়া

[ ৩৪ ]

দুখ নাপায় নেকি
 যেতিয়া ফুলবোৰ
  বুকুৰ পৰা আজুৰি নিয়া॥
  আমাক ইচ্ছামতে
   বাঢ়িবলৈ নিদি
    ‘বনছাই কৰিছা,
   নিজে তোমালোকে
    ওখ হ’বলৈ চোন।
     ‘হাইহিল্‌’ পিন্ধিছা॥

   ফুলিবলৈ তো
    আমাৰো মন যায়
     সুন্দৰ পৃথিৱীখনত

[ ৩৫ ]

আমাৰো মন যায়।
 পখিলা ভোমোৰাক
  ভোল নিয়াবলৈ ৰূপত॥
 ‘জন্মদিন’ বুলি
  মৃত্যু দিন বুলি
   কিমান যে ফুল ছিঙা
  আমাৰ গছবোৰৰ
   বুকুবোৰ বাৰু
    নালাগেনে ৰিঙা ৰিঙা!!
   তোমালোকে যদি
    অঙ্গীকাৰ কৰা
     ফুলবোৰ নিছিঙো বুলি,
    আমিও বাৰু
     সকলো পাহৰি
      হাঁহি হাঁহি থাকিম ফুলি॥

[ ৩৬ ]

ভেকুলীৰ ভেম্

সন্ধিয়া বেলিকা ভেকুলী পেহীৰ
 ক’ত নো প্ৰগ্ৰেম্‌ থাকে,
খাল ডোঙত বহি  ডিঙি ফুলাই ফুলাই
 গীত ৰিহাৰ্চেল কৰে॥

কাৰো মাত যে  ক’তো নুশুনি
 যেতিয়া ক’ৰাছ গায়,
বাদ্যযন্ত্ৰও  নালাগে একোকে
 ডিঙিতে সকলো পায়॥

জাপ মাৰি মাৰি পানীলৈ যায়
আক’উ পাৰলৈ আহে
‘ৰক্‌ এন্ ৰ’ল্‌  ‘ব্ৰেক্ ডান্স’ৰ দৰে
আধুনিক নাচহে নাচে॥

[ ৩৭ ]

মেঘেও আকাশত  তবলা বজাই
 সঙ্গীতত যোগ দিয়ে,
ভেকুলীয়ে কিনো  ‘মেঘমল্লাৰ গায়
 বৰষুণো যে দিয়ে।

আইতাই কৈছিল  ভেকুলীৰ বাবেই
 ফুলবোৰ নুফুলে,
গৰুবোৰে বোলে  আগ খাই দিয়ে
 গৰখীয়া গৈ শুলে॥

গৰখীয়া হেনো  শুই থাকেগৈ
 ভাত নাপাই মানে,
ৰান্ধনীয়ে আক’  ভাত নাৰান্ধে
 শুকান খৰি নাই গুণে॥

খৰিকটীয়াক  সুধিলে হেনো
 মুখ ওন্দোলাই কয়।
বৰষুণ দিলে  শুকান খৰি বাৰু
 ক'ৰপৰা পাওঁ মই?

বৰষুণবোৰনো  কেনেকৈ আহে
 মেঘে নপঠালে,
খঙতে গ’ই চবেই বোলে
 মেঘক গৈ ধৰিলে॥

[ ৩৮ ]

“মই যে আকাশৰ  পানীৰ টেঙ্কাৰ
 সকলোৱেচোন জানে,
ভেকুলীয়েহে  টোৰ্‌টোৰাই গৈ
 পানীবোৰ নমাই আনে।”

ভেকুলীয়ে ভেমত  ওফন্দি ক'লে
 “মোৰ দৰে গান গোৱা।
এই পৃথিৱীত  এজনেই আছিল
 ‘তানসেন' বুলি যে কোৱা॥

তেওঁ যেনেকৈ ‘মেঘমল্লা’ৰ গাই
 বৰষুণ নমাব জানে,
তেনেকৈ আমাৰো  টোৰ্‌টোৰ্‌ ৰাগে
 বৰষুণ নমাই আনে।”

“তথাপি তোমালোকে যেতিয়াই তেতিয়াই
 টোৰ্‌নোটোৰাবা চোন।”
‘আমাৰ ট্ৰেডিশ্যনত  বাধা দিবলৈ
 তুমি নো আকৌ কোন?”

“নহয়হেঁ, মানে  বৰষুণ দিলে যে
 খাল ডোং উপচি পৰে
খেলিবলৈও তো  অসুবিধা হয়
 ওলালেই মাহঁতে ধৰে॥”

[ ৩৯ ]

“নালাগে বাৰু  বাহিৰত খেলিব
 ভিতৰতে খেলি থাকা
দেশ-বিদেশৰ  সাধু কিতাপ পঢ়া
 ছবি-তবিও আঁকা॥

মাজে মাজে এইদৰে বৰষুণ নিদিলে
 গৰমত সিজি যাবা,
ধূলি বালিয়ে  বেমাৰ মাতিব
 তেতিয়া গমটো পাবা॥”

কৈয়েই ভেকুলীয়ে  একে সুৰে তুলিলে
 টোৰ্‌ টোৰ্‌ ৰাগিনী,
বাৰিষাত যেন ভেকুলী পেহীহে
 ৰাজ্যৰ মহাৰাণী॥

[ ৪০ ]

ভি আই পি মেকুৰী

মেকুৰী মাহী ওলাই আহিল
 থুপুক্‌ থাপাক্‌ ভৰি
এবাৰ আগলৈ এবাৰ পিছলৈ
 চাইছে ঘূৰি ঘূৰি॥

মানুহ দুনুহ ৰিক্সা মটৰ
 আলিবাটৰ চৌপাশে,
মেকুৰী মাহী গহীনত যায়
 ফুটপাথৰ কাষে কাষে॥

বাটটোৰ সিপাৰে  সৌটো ঘৰত
 মাছ ভাজিছে চাগে,
ভজা মাছৰ  লোভ লগা গোন্ধ
 মাহীৰ নাকত লাগে॥

[ ৪১ ]

ৰ'ব নোৱাৰি  মেকুৰী মাহীয়ে
 সেইফালে চেকুৰ ধৰে
আগেৰে মেকুৰী  পাৰ হ’ল বুলি
 গাড়ীয়ে ব্ৰেক্‌ মাৰে॥

খন্তেক ৰৈ  পিছুৱাইহে আক’উ
 আগলৈ চলে গাড়ী
মেকুৰী মাহীৰ  বাবেই বাটত
 গাড়ীৰ হৈ যায় শাৰী॥

“দেখিছা মই  কেনে ভি আই পি
 মেকুৰীয়ে কয় হাঁহি
যাৰে তাৰে  নহয় নহয়!
 বাঘৰহে মই মাহী॥”

নিজকে ভি আই পি  ভাবিয়ে মেকুৰী
 পাক ঘৰ সোমায় পোনে
এতিয়ানো বাৰু মেকুৰীৰ ডিঙিত
 টিলিঙা আঁৰে কোনে??

[ ৪২ ]

মোৰ ৰাঙলী গাই

‘জিমি’ নামৰ এল্‌চেশ্যিয়ানটোক
 চেইন লগাই ল’ই
মন্তুৱে সদায় আবেলি পৰত
 ফুৰাই আনে গ’ই॥

বাটৰ বাটৰুৱাই ঘূৰি ঘূৰি
 মন্তুহঁতলৈ চায়,
ওখ ডাঙৰ এনে জন্তু যেন
 কেতিয়াও দেখাই নাই!

মন্তুৱে কয়—‘আমাৰ জিমিয়ে
 ফুৰি বৰ ভাল পায়।
আমি ক'ৰবালৈ ওলালেই সি
 আশাৰে ভুক্ ভুকায়॥”

মোৰ ৰাঙলী গাইজনীৰো চাগে
 ফুৰিবৰ মন যায়,
আজলী বুলিহে ‘জিমি’ৰ দৰে
 নুভুকে নেহেম্বায়!!

মইও এদিন আবেলি পৰত
 পঘাডালত ধৰি
আলিবাটলৈ ওলাই গ'লো
 ‘ৰাঙলী’ক ফুৰাওঁ বুলি॥

[ ৪৩ ]

দেউতাই সুধিলে—‘ক’লৈ নিয় তাইক
 এই বিয়লি পৰত?’
“ফুৰাই আনোগৈ, কিমাননো আৰু
 সোমাই থাকিব ঘৰত!

মন্তুৱে দেখোন সিহঁতৰ ‘জিমি’ক
 সদায় ফুৰাবলৈ নিয়ে,
আমাৰ ‘ৰাঙলী’কহে মায়ে গোহালিত
 বান্ধি থৈ দিয়ে।”

এল্‌চেশ্যিয়ানতকৈও ওখ ডাঙৰ
 মোৰ ৰাঙলী গাই
মন্তুক এৰি আলিবাটৰ মানুহে
 আমালৈ অবাক হৈ চায়॥

[ ৪৪ ]

‘জিমি’ পিচে বিৰাট স্মাৰ্ট
 জপিয়াই দৌৰী যায়
ইফালে সিফালে আনন্দেৰে
 পিৰিক্ পাৰাক চায়॥

‘ৰাঙলী’ক আক’ ধৰিবই নোৱাৰি
 ফুৰাৰ মন যে আছে।
নিৰ্বিকাৰ হৈ গৈ থাকে মাথোঁ
 মোৰ পাছে পাছে॥

ৰাঙলীক এনেকৈ ফুৰাবলৈ নিলে
 ক’তনো লাগে জগৰ,
মানুহে কিয় ফিচিঙা ফিচিঙি কৰি
 তোলে কিবা ৰগৰ!


[ ৪৫ ]

মানুহে হাঁহে মন্তুৱে হাঁহে
 ‘জিমি’য়ে ভুক্‌ ভুকায়
খঙতে মই ঘৰলৈ গৈ
 কান্দিলো হুক্‌ হুকায়।

দেউতাই ক'লে, দৰ্‌কাৰ নাই।
 ‘ৰাঙলী’ক ফুৰাব নিব
গৰু গাই সদায় এইটো পৰত
 ঘৰলৈহে উলটিব॥

ধূলি উৰাই গৰু যায় বুলিয়ে
 গধূলি বুলি কয়।
‘ৰাঙলী’য়ে একো বেয়াও নাপায়
 যদি তাইক বান্ধিও থয়॥”

[ ৪৬ ]

জোনবাই—জোনবাই

'জোনবাই জোনবাই
 বেজি এটি দিয়া-'
‘কিয় তোমাক বেজি লাগে?
 কি নো তুমি সীয়া?

জানো, জানো বেজি লাগে
 মোনা সীবলৈ
মোনাত চাগে পাৰা মানে
 ধন ভৰাবলৈ।

ধনবোৰ সাঁচি থ’বা
 হাতী কিনিবলৈ
হাতীত উঠি ব্ৰহ্মাণ্ডখন
 ফুৰি ফুৰিবলৈ॥

[ ৪৭ ]

নাই, নাই মোৰ তাত
 তেনে বেজি নাই।
বিশ্বাস যদি কৰা নাই
 যোৱা আহি চাই॥”

“নহয় হেঁ জোনবাই
 তেনে কথা নাই
হাতী-তাতী আজি কালি
 পাবলৈকে নাই॥

স্কুটাৰ আছে, গাড়ী আছে
 উঠি ফুৰিবলৈ
ঢে'ৰ আমাৰ বেঙ্ক আছে
 টকা থ’বলৈ॥

বেজী এটি খুজিছিলো
 মন সীবলৈ,
ফাটি যোৱা মনবোৰহে
 জোৰা দিবলৈ!!

মোনা এটিও লাগিছিল
 মৰম ভৰাবলৈ
ডাঙৰৰ কাজিয়াবোৰ
 দূৰ কৰিবলৈ॥

আৰু এটা ভাবিছিলো।
 পোহৰ আনিবলৈ
অপ্ৰীতি আন্ধাৰবোৰ
 নাশ কৰিবলৈ॥

[ ৪৮ ]

হাতী-তাতী নালাগেই
 উঠি ফুৰিবলৈ
ৰকেটতে যাব পাৰোঁ
 তোমাৰ কাষলৈ।”

“আহাঁ তেনে, আহাঁ তেনে
 বেজি নিবল'ই-,
তেনে এটা বেজি আছে
 তোমাক দিবল'ই॥

পাত-চোত নালাগে একো
 তেনে বেজিৰ বাবে
(তোমাৰ) হিয়াখনি আছে নহয়!
 গাঁথি দিম তাতে।”

[ ৪৯ ]

জোনৰ গাড়ী

জোনাক ভৰা
 নিজম নিশা
  সাৰ সুৰ ক’তো নাই,
   হঠাৎ দেখোন
    খুটুং খাটাং
     কোনেনো কৰিছে হাই?
উঠি জুমি চালো
 আকাশৰ পিনে
  পীৰা এখন পাৰি

   জোনে লনত
    কিবা কৰিছে
     হাতুৰি মাৰি মাৰি॥

[ ৫০ ]

অ’ এয়া দেখোন
 গাড়ী সাজিছে।
 ডাৱৰবোৰ থুপ কৰি,
 চকা কেইটা পিছে।
 ভাল হৈছে দেই।
 বতাহতে যায় ঘূৰি॥
তৰাবোৰ দেখোন
 খুব লগাইছে
 লাইট কৰিছে চাগে
 শুকতৰা আৰু
 ধ্ৰুৱ তৰাটিক
 হেড লাইট যেনেই লাগে॥
মেঘেৰে সজা
 হৰ্ণটোৰে হ'লে
 কাণ তাল মাৰি যায়,
 বিজুলী ডালেৰেই
 এক্সিলেটৰ হ’ল
 ব্ৰেক্ হে দেখোন নাই॥
‘বচ্​ এতিয়া
 গাড়ী হৈ গ’ল
 আহাঁচোন উঠাহি তুমি’

[ ৫১ ]

   জোনে ড্ৰাইভ কৰি
    মোকও মাতি ল'লে
     উঠিলো সকলো আমি॥

ঘৰ্‌ ঘৰ্‌ কৰি
 গাড়ী চলি গ’ল
  ঘঁহনি চহনি খাই।
   ‘হৰ্ণটোনো ইমান
    কিয় বজাই আছা
     কোনোৱেই দেখোন নাই॥'
বজাবলৈকেতো
 হৰ্ণ লগাইছোঁ
  কোনো নহ’ল নাই,

[ ৫২ ]

 বাজি গ'লেহে
 মন ভাল লাগে
 বৰষুণেও আহি চায়॥
“ৰাখা হেঁ হে’ৰা
 মই নামি যাওঁ
 ইমান স্পিদ্‌ দিছা ভাই,
 এতিয়ানো আৰু
 কেনেকৈ ৰাখিম
 ব্ৰেকেই দেখোন নাই॥”
‘ব্ৰেক্ নাই যদি
 তোমালোকনো বাৰু
 কেনেকৈ নামিবা কোৱা?’
 ‘আমিতো নানামো
 পৃথিৱী সদায়
 ঘূৰিয়ে থাকিম চোৱা।’
‘মই কিন্তু জানা
 নামিবই লাগিব।
 পৃথিৱীহে মোৰ আপোন,
 জাপ মাৰি দি
 ধুপুচ্ কৈ পৰিহে
 বুজিলো এয়া সপোন।

[ ৫৩ ]

জোনৰ শ্ব’


মাজ নিশা কোনে চিঞৰি উঠিল
 ‘টেলিগ্ৰাম টেলিগ্ৰাম’ বুলি
বিছনাৰ পৰা উঠি গৈ মই
 দিলো দুৱাৰখন মেলি॥

  দেখিলো ‘পৱনে’ দুৱাৰ মুখতে
   কৰিছেহি লৰা লৰি
  ‘নাহৰ পাতৰ টেলিগ্ৰামখন লৈ
   দিলো এটা চহী কৰি॥

মেলি চাই দেখোঁ সেইখন ‘ওৱায়াৰ্‌’
 আহিছে জোনবাইৰ পৰা
নিমন্ত্ৰিছে মোক ‘ভেৰাইটী শ্ব’ লৈ
 তেৱেঁই এৰেইঞ্জ্‌ কৰা॥

[ ৫৪ ]

গৈ দেখা পালো বিৰাট আয়োজন
 পেণ্ডেল দৰ্শকে ভৰা
ডাৱৰৰ বগা ধুনীয়া ষ্টে’জত
 কুঁৱলীৰ স্ক্ৰীন তৰা॥

আকাশৰ ধুনীয়া ৰভাখন দেখি
 চকু থৰ হৈ গ'ল,
তৰাৰ লাইট্‌বোৰহে ঢিমিক ঢামাক,
 কম পাৱাৰৰ হ’ল॥

ইফাল সিফালকৈ ঘূৰি ফুৰিছো
 ক’তনো বহিম বুলি,
শ্ব’ ইফালে আৰম্ভই হ’ল
 ড্ৰপ স্ক্ৰীন্‌খন তুলি॥

বাহিৰৰ বহুতো আটিষ্ট্ আনিছে
 ‘জিলি’য়ে গাইছে গান,
কাণত আঙুলি সুমুৱাই ল'লো
 নহ'লে যে শুনাই টান॥

এটি দুটি কৰি বহু ‘আইটেম্’ গ'ল
ইফালে ৰাতিও ভালেখিনি হ’ল—

[ ৫৫ ]

এনেতে টোৰ্‌ টোৰ্‌ কৰি ভেকুলীৰ
 ভাৰত-নাট্যম হ’ল
ডিঙি ভঙা মেজিক্‌ আৰম্ভ কৰোঁতে
 দৰ্শক উঠিয়েই গ'ল॥

ধুমুহাই ঢপলিয়াই ‘এনাউন্স’ কৰিলেহি
 ঢেৰেকনিৰ মাইক্‌টোৰে।
“এতিয়া আপোনালোকক মোহিত কৰিব
 বিজুলীয়ে কথকেৰে॥”

খন্তেক পিচতে ৰঙীন সাজেৰে
 বিজুলী উঠিল ষ্টেজত
তবলা যোৰ লৈ ধা ধিন্‌ কৰি
 মেঘেও কৰিলে সঙ্গত॥

[ ৫৬ ]

মেঘৰ তবলাৰে কাণ কলা হ'ল
বিজুলীৰ নাচে চকু চাঁট মাৰি গ'ল

তথাপি ভাবিলো আৰু অলপ ৰৈ
 নাচটো শেষলৈ চাওঁ
ঘূৰাৰ বাহিৰে আন কিবা প’জ
 কিজানি দেখাই পাওঁ!!

একেটা পজতে নাচি থকা দেখি
 দৰ্শক যাবলৈ ল'লে
‘এৰেইঞ্জ’ কৰোঁতা জোনেও ভালকৈ
 এঘুমটি হেনো শুলে॥

‘লাইট অফ্‌’ হোৱা পেণ্ডেলতে ৰ'লো
 নাচ চোন নহয় শেষ
দুচকুত মোৰ বিষ উঠি গ'ল
 চাই থাকি অনিমেষ॥

ঘূৰি চাই দেখোঁ সকলো দৰ্শক
 কোন কেতিয়াই উঠিল।
‘আজি মোৰ প্ৰগ্ৰেম্ নহ'লেই' বুলি
 কোনোবাই ৰাউচি জুৰিল॥

জুমি চাই দেখোঁ কান্দি কান্দিয়েই
 বৰুণ আহিছে নামি
কৰা মেক্‌ আপ ‘মেক্‌ আপ’তে ৰ’ল
 গোটেইতো গৈছে ঘামি॥

[ ৫৭ ]

বৰুণে যিমানে বেচিকৈ কান্দিলে।
বিজুলীয়ে সিমানে নাচিয়েই থাকিলে

চুলি মূৰ জোকাৰি মেঘেও তবলা
বজালে প্ৰাণ-পণ
বৰুণৰ চকুলোৰে ষ্টেজ বুৰি গ'ল
নাই কাৰো কাণ মন॥

চাই থাকোঁতেই সেই দৃশ্য মোৰ
তৰা টান হ’ল প্ৰাণ,
ল'ৰি ল’ৰি আহি ঘৰ সোমাইহে
ভাবিলো, লভিলো ত্ৰাণ॥

ভোৰৰোই ক'লো ‘জোনে মাতিলেও
কেতিয়াও নাযাওঁ' বুলি,
ধুমুহাত কিবা ভয় খাইছো বুলি
আয়ে দিলে জগাই তুলি॥

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।