পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোনৰ গাড়ী

জোনাক ভৰা
 নিজম নিশা
  সাৰ সুৰ ক’তো নাই,
   হঠাৎ দেখোন
    খুটুং খাটাং
     কোনেনো কৰিছে হাই?
উঠি জুমি চালো
 আকাশৰ পিনে
  পীৰা এখন পাৰি

   জোনে লনত
    কিবা কৰিছে
     হাতুৰি মাৰি মাৰি॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৪৪॥