পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘জিমি’ পিচে বিৰাট স্মাৰ্ট
 জপিয়াই দৌৰী যায়
ইফালে সিফালে আনন্দেৰে
 পিৰিক্ পাৰাক চায়॥

‘ৰাঙলী’ক আক’ ধৰিবই নোৱাৰি
 ফুৰাৰ মন যে আছে।
নিৰ্বিকাৰ হৈ গৈ থাকে মাথোঁ
 মোৰ পাছে পাছে॥

ৰাঙলীক এনেকৈ ফুৰাবলৈ নিলে
 ক’তনো লাগে জগৰ,
মানুহে কিয় ফিচিঙা ফিচিঙি কৰি
 তোলে কিবা ৰগৰ!


*বনৰ বন্ধুৰ মনৰ খবৰ॥ ৩৯॥