পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বনৰ বন্ধুৰ মনৰ খবৰ

গৈ দেখা পালো বিৰাট আয়োজন
 পেণ্ডেল দৰ্শকে ভৰা
ডাৱৰৰ বগা ধুনীয়া ষ্টে’জত
 কুঁৱলীৰ স্ক্ৰীন তৰা॥

আকাশৰ ধুনীয়া ৰভাখন দেখি
 চকু থৰ হৈ গ'ল,
তৰাৰ লাইট্‌বোৰহে ঢিমিক ঢামাক,
 কম পাৱাৰৰ হ’ল॥

ইফাল সিফালকৈ ঘূৰি ফুৰিছো
 ক’তনো বহিম বুলি,
শ্ব’ ইফালে আৰম্ভই হ’ল
 ড্ৰপ স্ক্ৰীন্‌খন তুলি॥

বাহিৰৰ বহুতো আটিষ্ট্ আনিছে
 ‘জিলি’য়ে গাইছে গান,
কাণত আঙুলি সুমুৱাই ল'লো
 নহ'লে যে শুনাই টান॥

এটি দুটি কৰি বহু ‘আইটেম্’ গ'ল
ইফালে ৰাতিও ভালেখিনি হ’ল—

বনৰ বন্ধুৰ মনৰ খবৰ॥ ৪৯॥