পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টিপচিৰ আক’ অকণমানতে
 ঠেঁহ উপচি পৰে,
পঢ়া সুধিলেই তলমূৰ কৰি
 কান্দো কান্দো যেন কৰে॥

পাৰই পঢ়া পাৰক নোৱাৰক
 চেষ্টা হ'লে কৰে,
বগলীক ‘স্কুললৈ নগলি’ সুধিলে
 নুশুনা ভাও ধৰে॥

কেতেকীয়ে আক’ কটকী পঠাইছে
 ছুটিৰ দৰ্খাষ্ট লিখি
হাঁহে হাঁহি হাঁহি বাগৰি পৰিছে
 কাণ্ড কাৰখানা দেখি।

শালিকাৰ নো বালিকা স্কুলখন
 কি লাভ হ’ল খুলি,
তালিকাত কাৰো নামেই নাই যদি
 পঢ়া শুনা কৰোঁ বুলি॥

কাউৰীয়ে খঙত চিঞৰি চিঞৰি
 কৰিলে কা-কা,
‘পঢ়া-শুনাত যদি মন নাইকীয়া
 যা-ঘৰলৈ যা॥'

বনৰ বন্ধুৰ মনৰ খবৰ॥ ১৭॥