পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

   জোনে ড্ৰাইভ কৰি
    মোকও মাতি ল'লে
     উঠিলো সকলো আমি॥

ঘৰ্‌ ঘৰ্‌ কৰি
 গাড়ী চলি গ’ল
  ঘঁহনি চহনি খাই।
   ‘হৰ্ণটোনো ইমান
    কিয় বজাই আছা
     কোনোৱেই দেখোন নাই॥'
বজাবলৈকেতো
 হৰ্ণ লগাইছোঁ
  কোনো নহ’ল নাই,

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৪৬॥