পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“মই যে আকাশৰ  পানীৰ টেঙ্কাৰ
 সকলোৱেচোন জানে,
ভেকুলীয়েহে  টোৰ্‌টোৰাই গৈ
 পানীবোৰ নমাই আনে।”

ভেকুলীয়ে ভেমত  ওফন্দি ক'লে
 “মোৰ দৰে গান গোৱা।
এই পৃথিৱীত  এজনেই আছিল
 ‘তানসেন' বুলি যে কোৱা॥

তেওঁ যেনেকৈ ‘মেঘমল্লা’ৰ গাই
 বৰষুণ নমাব জানে,
তেনেকৈ আমাৰো  টোৰ্‌টোৰ্‌ ৰাগে
 বৰষুণ নমাই আনে।”

“তথাপি তোমালোকে যেতিয়াই তেতিয়াই
 টোৰ্‌নোটোৰাবা চোন।”
‘আমাৰ ট্ৰেডিশ্যনত  বাধা দিবলৈ
 তুমি নো আকৌ কোন?”

“নহয়হেঁ, মানে  বৰষুণ দিলে যে
 খাল ডোং উপচি পৰে
খেলিবলৈও তো  অসুবিধা হয়
 ওলালেই মাহঁতে ধৰে॥”

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৩৩॥