এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেউতাই সুধিলে—‘ক’লৈ নিয় তাইক
এই বিয়লি পৰত?’
“ফুৰাই আনোগৈ, কিমাননো আৰু
সোমাই থাকিব ঘৰত!
মন্তুৱে দেখোন সিহঁতৰ ‘জিমি’ক
সদায় ফুৰাবলৈ নিয়ে,
আমাৰ ‘ৰাঙলী’কহে মায়ে গোহালিত
বান্ধি থৈ দিয়ে।”
এল্চেশ্যিয়ানতকৈও ওখ ডাঙৰ
মোৰ ৰাঙলী গাই
মন্তুক এৰি আলিবাটৰ মানুহে
আমালৈ অবাক হৈ চায়॥
* বনৰ বন্ধুৰ মনৰ খবৰ॥ ৩৮॥