পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিঠা কৰাৰ বহু লেঠা-পিঠা দেখি
 সেইবিধ বাদ্‌ দি থলে,
উৰুকা ৰাতিৰ ভোজৰ বাবেহে।
 ‘মেনু’ ঠিক কৰিব ল'লে॥

ভলুকা বাঁহেৰে ভালুকে ভালকৈ
 ভেলাঘৰ সাজিব ল'লে
গঁড়ে গাঁত খান্দি গড় এচটাৰে
 খুটাবোৰ পুতি দিলে॥

জিৰাফৰ পিঠিত উঠি লৈ বান্দৰে
 নৰাবোৰ চাললৈ নিলে,
মুধৰ মাৰলিত টঙালিৰ গাঠিবোৰ
 জিৰাফেই বান্ধি দিলে॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৯ ॥