পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এনেতে টোৰ্‌ টোৰ্‌ কৰি ভেকুলীৰ
 ভাৰত-নাট্যম হ’ল
ডিঙি ভঙা মেজিক্‌ আৰম্ভ কৰোঁতে
 দৰ্শক উঠিয়েই গ'ল॥

ধুমুহাই ঢপলিয়াই ‘এনাউন্স’ কৰিলেহি
 ঢেৰেকনিৰ মাইক্‌টোৰে।
“এতিয়া আপোনালোকক মোহিত কৰিব
 বিজুলীয়ে কথকেৰে॥”

খন্তেক পিচতে ৰঙীন সাজেৰে
 বিজুলী উঠিল ষ্টেজত
তবলা যোৰ লৈ ধা ধিন্‌ কৰি
 মেঘেও কৰিলে সঙ্গত॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ৫০॥