পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাহ সাজিবলৈ ঠাই নহ'লে।
 ক’ত গুজিবি মূৰ
ধুমুহা বতাহে কোবাই পেলাব
 উৰিবি কিমান দূৰ!

এনেকৈয়ে আমাৰ প্ৰজাতিবোৰ
 যদি মৰি হয় শেষ,
‘চিৰিয়াখানা’লৈ ধৰি বান্ধি নিব
 যি থাকে অৱশেষ॥

‘চিৰিয়াখানা’ মানুহৰ বাবে।
 আমোদ প্ৰমোদৰ ঠাই
আমাৰ বাবে কাৰাগাৰ মাথোঁ
 স্বাধীনতা একো নাই॥

এতেকে তহঁতে যি কৰ কৰ
 চাই লই গুণি ভাবি
বুদ্ধি বিচাৰ নহ'লে কিন্তু
 তেনেই ৰসাতলে যাবি॥

বনৰ বন্ধুৰ মনৰ খবৰ ।। ২০ ।।