পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বাজি গ'লেহে
 মন ভাল লাগে
 বৰষুণেও আহি চায়॥
“ৰাখা হেঁ হে’ৰা
 মই নামি যাওঁ
 ইমান স্পিদ্‌ দিছা ভাই,
 এতিয়ানো আৰু
 কেনেকৈ ৰাখিম
 ব্ৰেকেই দেখোন নাই॥”
‘ব্ৰেক্ নাই যদি
 তোমালোকনো বাৰু
 কেনেকৈ নামিবা কোৱা?’
 ‘আমিতো নানামো
 পৃথিৱী সদায়
 ঘূৰিয়ে থাকিম চোৱা।’
‘মই কিন্তু জানা
 নামিবই লাগিব।
 পৃথিৱীহে মোৰ আপোন,
 জাপ মাৰি দি
 ধুপুচ্ কৈ পৰিহে
 বুজিলো এয়া সপোন।

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৪৭॥