পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুহিয়াৰ পিচে বে’চ হুঁচিয়াৰ
 সলনি দেখি দিন কাল
(ভাবিলে) পূজা সবাহত নিজকে লগাই
 সসন্মানে থকাই ভাল॥

দেশী বিদেশী অনেক ফল
 সকলোৰে আছে গুণ
সোৱাদ হলেও শুকান পিছে
 ৰস হে নাই একণ॥

ৰস নাই বুলিয়ে নজহি নপমি
 বহুত দিনলৈ থাকে
গোটেই বিশ্বতে সকলো ঋতুতে
 ফলৰ যোগান ধৰে॥

যেতিয়াই মন যায় তেতিয়াই পোৱা যায়
 সেয়ে সিহঁতৰ নাম,
সেই বুলিয়েই ৰসাল ফলতকৈ
 বাঢ়েও সিহঁতৰ দাম॥

“সেইটো আক’ কেনেকৈ হয়,
 কিয় বাঢ়িব দাম?
সকলো ফলেইতো একে ভিটামিনৰ
 নানা ভাৱে কৰোঁ কাম৷”

বনৰ বন্ধুৰ মনৰ খবৰ॥ ২৪॥