পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অ’ এয়া দেখোন
 গাড়ী সাজিছে।
 ডাৱৰবোৰ থুপ কৰি,
 চকা কেইটা পিছে।
 ভাল হৈছে দেই।
 বতাহতে যায় ঘূৰি॥
তৰাবোৰ দেখোন
 খুব লগাইছে
 লাইট কৰিছে চাগে
 শুকতৰা আৰু
 ধ্ৰুৱ তৰাটিক
 হেড লাইট যেনেই লাগে॥
মেঘেৰে সজা
 হৰ্ণটোৰে হ'লে
 কাণ তাল মাৰি যায়,
 বিজুলী ডালেৰেই
 এক্সিলেটৰ হ’ল
 ব্ৰেক্ হে দেখোন নাই॥
‘বচ্​ এতিয়া
 গাড়ী হৈ গ’ল
 আহাঁচোন উঠাহি তুমি’

* বনৰ বন্ধুৰ মনৰ খবৰ ।।৪৫।।