পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বনৰ বন্ধুৰ মনৰ খবৰ


ৰবাব টেঙাই কৰ্দ্দৈক ক'লে
 মোৰ হে বিষয় বাব নাই,
তুমি কিন্তু বে’চ ফিল্ড কৰিছা
 অভিজাত ঘৰতো ঠাই॥

কৰ্দ্দৈয়ে শুনি লাজ কৰি ক'লে
 ৰহদৈলৈ হাঁহি চাই
‘জণ্ডিছ ৰোগ’ আছে বুলিহে
 আছোঁ মান কণ পাই!!

নাৰিকলে কলে চোৱাচোন অকলে
 কিমান পাইছে মৰম,
ডিনাৰে, লান্সে সবাহে সকামে
 সিহঁতৰ বজাৰ গৰম॥

বনৰ বন্ধুৰ মনৰ খবৰ ।। ২৩ ।।