পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মোৰ মনৰ কথা

 প্ৰতিজন মানুহৰে মনৰ ভিতৰত একোটি শিশু-মন থাকেই। এই শিশু-মনটোৰে শিশুৰ কল্পনা জগতখনত বিচৰণ কৰি ফুৰিবলৈ মোৰও বৰ ভাল লাগে।

 ‘শিয়ালি এ’ নাহিবি ৰাতি, তোৰে কাণে কাটি লগাম বাতি’ নিচুকনি গীতটি শুনি সৰুতে আমি যিমান ভয় খাইছিলো আৰু টোপনি যাবলৈ চকু মুদি দিছিলো, আজিকালিৰ শিশুবোৰে কিন্তু ইমান অভিভূত নহয় যেন লাগে। থুনুক-থানাক মাত ফুটাৰ পৰাই প্ৰশ্নও কৰে অদ্ভুত অদ্ভুত। সিদিনা মোৰ ভাগিনী 'মানৱী’ৰ দুবছৰীয়া জীয়ৰী ‘মুনমা'ক আইতাকে—'আমাৰে মুন্‌মা শুব এ', বাৰীতে বগৰী ৰুব এ', বাৰীৰে বগৰী পকি সৰিব, আমাৰে মুন্‌মাই বুটলি খাব’ নিচুকনি গীতটি গাই শুৱাবলৈ যত্ন কৰোঁতে টোপনি যোৱাতো বাদেই উঠি বহি লৈ আধাফুটা মাতেৰে কৈছিল—“তেনেকৈ নাগাবা আইতা। মুন্‌মা ভাল ছোৱালী! ভাল ছোৱালীয়ে মাটিত পৰা বস্তু নাখায় নহয়!”

 মন কৰিছো—সদায় দেখি শুনি থকা জীৱ-জন্তুবোৰক মানুহৰ ভাৱ-ভঙ্গীৰে মানুহৰ দৰে সজাই তুলিলে শিশুৱে বৰ ৰং পায়। ককাইদেউ (চন্দন)ৰ ল'ৰা ৰুঙ্কু চাৰি বছৰীয়া থাকোতে এবাৰ মাঘ বিহুত ‘বাঘে মাঘৰ বিহু পাতি’ কি কি কৰিছিল বুলি বৰ্ণাই বৰ্ণাই কওঁতে কি যে ৰস পাইছিল। ভাইটি 'বন্দন’ৰ জীয়ৰী চুমকিয়ে দুবছৰীয়াৰ পৰাই সাধু শুনি খুব ভাল পায় আৰু শুনি থকা সাধুটো নিজেও নিয়াৰিকৈ ক'ব পাৰে। তেওঁক 'হাতীৰ ছাতি’ এটা আছিল বুলি, এবাৰ ‘গড়ৰ জ্বৰ’ হৈছিল বুলি ছন্দ মিলাই মিলাই কওঁতে আনন্দত উজ্বল হৈ উঠা চকুযোৰেৰে খিল-খিলাই হাঁহি আকৌ কোৱাচোন” 'আকৌ গোৱাচোন' বুলি কৈ কৈ নিজেও আওৰাবলৈ লোৱা দেখি বুজিছিলো—এনেকুৱা অদ্ভুত কল্পনাবোৰ কবিতাৰ দৰে ক'লে তেওঁলোকে বেছি সোৱাদ পায়। তেওঁৰ এই আনন্দখিনিয়েই মোৰ প্ৰেৰণা হৈছিল আৰু বহী এখনত কবিতাকেইটা লিখি থৈছিলো।... ৰুঙ্কু, চুমকি ডাঙৰ হ’লহি। মোৰ কবিতা কেইটা পিচে বহীৰ পাততেই থাকি গ'ল। তাৰে দুই-তিনিটা কবিতা কাকত-আলোচনীৰ শিশু শিতানত প্ৰকাশ হৈছিল। এটা কবিতা দূৰদৰ্শনৰ ধেমেলীয়া কবিতাৰ অনুষ্ঠানত প্ৰচাৰ হৈছিল। ষষ্ঠমান পোৱাহি চুমকিয়ে পিচে এতিয়াও আমাৰ ঘৰলৈ আহিলেই সেই সমান আগ্ৰহেৰেই বহীখন মেলি কবিতা কেইটা আবৃত্তি কৰা দেখি 'কবিতা পুথি’ এখন ছপাই উলিওৱাৰ কথা ভাবিলো। 'এওঁ' শ্ৰীঅতুল চন্দ্ৰ বৰাইও আগ্ৰহ কৰাত কিতাপখন প্ৰকাশ কৰিবলৈ ল'লো।

 বিশেষভাৱে প্ৰেৰণা পালো—এখুদ মামা (শ্ৰীনৱকান্ত বৰুৱা)ক কবিতা কেইটা দেখুৱাওঁতে তেখেতে কেইবাটাও পৰামৰ্শ দিয়াৰ উপৰিও ‘প্ৰীতিবাক্‌’ এষাৰ লিখি দি উৎসাহিত কৰাত। তেখেতৰ মৰমৰ ঋণী হৈ আছোঁ। শিল্পী শ্ৰীঅতুল বৰুৱাই তেওঁৰ সুনিপুণ তুলিকাৰে ছবি কেইখন আঁকি দিয়াত তেখেতলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। এই প্ৰতিভাবান শিল্পী গৰাকীৰ লগত যোগাযোেগ কৰাই দিয়া শ্ৰীমতিউৰ ৰহমানলৈ থাকিল অশেষ ধন্যবাদ।

 'বনৰ বন্ধু'বোৰৰ কথা কোৱাৰ লগতে 'জোনবাই’ৰ লগত হাঁহি ভালপোৱা, 'ফল-ফুল’ৰ লগত কথাপতি ভালপোৱা যিষ্ণু, মুন্‌মা, চুমু, সুমনলৈ জনালোঁ—‘জোনাবাই’ আৰু 'ফল-ফুল’ৰ মনৰ কথা।

 মই মোৰ মনৰ কথাও এনেকৈয়ে জনালোঁ।

জীবন মাধুৰী নেওগ বৰা