পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতীৰ ছাতি

হাতীয়ে বোলে
সদায় ৰাতি
মাটিতে হয় কাতি;
বিছনা তিছনা
বেচেৰাৰ নাই
সকলো গল ফাটি॥

নাযাব ফাটি?
বিৰাট বপুৰে
বিছনাত হ’লে কাতি!
সেয়ে হাতীয়ে।
মাটিতে শোৱে
সদায় সদায় ৰাতি॥

# বনৰ বন্ধুৰ মনৰ খবৰ॥ ১ ॥