পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভেকুলীৰ ভেম্

সন্ধিয়া বেলিকা ভেকুলী পেহীৰ
 ক’ত নো প্ৰগ্ৰেম্‌ থাকে,
খাল ডোঙত বহি  ডিঙি ফুলাই ফুলাই
 গীত ৰিহাৰ্চেল কৰে॥

কাৰো মাত যে  ক’তো নুশুনি
 যেতিয়া ক’ৰাছ গায়,
বাদ্যযন্ত্ৰও  নালাগে একোকে
 ডিঙিতে সকলো পায়॥

জাপ মাৰি মাৰি পানীলৈ যায়
আক’উ পাৰলৈ আহে
‘ৰক্‌ এন্ ৰ’ল্‌  ‘ব্ৰেক্ ডান্স’ৰ দৰে
আধুনিক নাচহে নাচে॥

  • বনৰ বন্ধুৰ মনৰ খবৰ॥৩২॥