সমললৈ যাওক

পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ ৰাঙলী গাই

‘জিমি’ নামৰ এল্‌চেশ্যিয়ানটোক
 চেইন লগাই ল’ই
মন্তুৱে সদায় আবেলি পৰত
 ফুৰাই আনে গ’ই॥

বাটৰ বাটৰুৱাই ঘূৰি ঘূৰি
 মন্তুহঁতলৈ চায়,
ওখ ডাঙৰ এনে জন্তু যেন
 কেতিয়াও দেখাই নাই!

মন্তুৱে কয়—‘আমাৰ জিমিয়ে
 ফুৰি বৰ ভাল পায়।
আমি ক'ৰবালৈ ওলালেই সি
 আশাৰে ভুক্ ভুকায়॥”

মোৰ ৰাঙলী গাইজনীৰো চাগে
 ফুৰিবৰ মন যায়,
আজলী বুলিহে ‘জিমি’ৰ দৰে
 নুভুকে নেহেম্বায়!!

মইও এদিন আবেলি পৰত
 পঘাডালত ধৰি
আলিবাটলৈ ওলাই গ'লো
 ‘ৰাঙলী’ক ফুৰাওঁ বুলি॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ৬৭॥