পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফুলৰ ঠেঁহ

বহুদিন দেখোন
 আমাৰ ফুলনিৰ
  ফুলবোৰ ফুলা নাই,
সুধিলো ‘অ’ ফুল
 নুফুলা কিয়
  শুনিছানে তুমি নাই?”
 অলপ সময়লৈ
  নামাতি নুবুলি
   এবাৰ কেৰাহিকৈ চাই,
 ভেকাহিৰে ক'লে
  ‘মই ফুল গছহে
   চিনি পোৱা জানো নাই।'
  ‘আগে পিচে চবেই
   ফুল গছ জোপাকে
    ‘অ’ ফুল’ বুলি মাতে
  মই মাতোঁতেহে
   লাগিল জগৰ
    নামাতো সোতৰই সাতে॥
   ভাললৈ বুলি
    ‘তুমি’ বুলি কই
     সুধিলো নুফুলা কিয়,

বনৰ বন্ধুৰ মনৰ খবৰ॥ ২৬॥