পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰ'ব নোৱাৰি  মেকুৰী মাহীয়ে
 সেইফালে চেকুৰ ধৰে
আগেৰে মেকুৰী  পাৰ হ’ল বুলি
 গাড়ীয়ে ব্ৰেক্‌ মাৰে॥

খন্তেক ৰৈ  পিছুৱাইহে আক’উ
 আগলৈ চলে গাড়ী
মেকুৰী মাহীৰ  বাবেই বাটত
 গাড়ীৰ হৈ যায় শাৰী॥

“দেখিছা মই  কেনে ভি আই পি
 মেকুৰীয়ে কয় হাঁহি
যাৰে তাৰে  নহয় নহয়!
 বাঘৰহে মই মাহী॥”

নিজকে ভি আই পি  ভাবিয়ে মেকুৰী
 পাক ঘৰ সোমায় পোনে
এতিয়ানো বাৰু মেকুৰীৰ ডিঙিত
 টিলিঙা আঁৰে কোনে??

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৩৬॥