পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোনবাই—জোনবাই

'জোনবাই জোনবাই
 বেজি এটি দিয়া-'
‘কিয় তোমাক বেজি লাগে?
 কি নো তুমি সীয়া?

জানো, জানো বেজি লাগে
 মোনা সীবলৈ
মোনাত চাগে পাৰা মানে
 ধন ভৰাবলৈ।

ধনবোৰ সাঁচি থ’বা
 হাতী কিনিবলৈ
হাতীত উঠি ব্ৰহ্মাণ্ডখন
 ফুৰি ফুৰিবলৈ॥

  • বনৰ বন্ধুৰ মনৰ খবৰ॥ ৪১॥