পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভি আই পি মেকুৰী

মেকুৰী মাহী ওলাই আহিল
 থুপুক্‌ থাপাক্‌ ভৰি
এবাৰ আগলৈ এবাৰ পিছলৈ
 চাইছে ঘূৰি ঘূৰি॥

মানুহ দুনুহ ৰিক্সা মটৰ
 আলিবাটৰ চৌপাশে,
মেকুৰী মাহী গহীনত যায়
 ফুটপাথৰ কাষে কাষে॥

বাটটোৰ সিপাৰে  সৌটো ঘৰত
 মাছ ভাজিছে চাগে,
ভজা মাছৰ  লোভ লগা গোন্ধ
 মাহীৰ নাকত লাগে॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৩৫॥