পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোনৰ শ্ব’


মাজ নিশা কোনে চিঞৰি উঠিল
 ‘টেলিগ্ৰাম টেলিগ্ৰাম’ বুলি
বিছনাৰ পৰা উঠি গৈ মই
 দিলো দুৱাৰখন মেলি॥

  দেখিলো ‘পৱনে’ দুৱাৰ মুখতে
   কৰিছেহি লৰা লৰি
  ‘নাহৰ পাতৰ টেলিগ্ৰামখন লৈ
   দিলো এটা চহী কৰি॥

মেলি চাই দেখোঁ সেইখন ‘ওৱায়াৰ্‌’
 আহিছে জোনবাইৰ পৰা
নিমন্ত্ৰিছে মোক ‘ভেৰাইটী শ্ব’ লৈ
 তেৱেঁই এৰেইঞ্জ্‌ কৰা॥

*বনৰ বন্ধুৰ মনৰ খবৰ ৪৮॥