পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিলনি আক’ পঢ়াশালি এৰি
 তিলনি খাবলৈ গ'ল,
শেনৰ হেনো নিতে থেন্ থেন্‌
 চকু বৰ বেয়া হ'ল॥

ফেঁচাৰ বোলে কেঁচা ভেঁটিত বহি
 বৰ চেঁচা লাগি যায়,
হুদুৰ হেনো হ'ই-গুদু খেলৰ
 চেম্পিয়ন হোৱাৰ অভিপ্ৰায়॥

মৌৰাৰ আকৌ দৌৰাত হে ৰাপ
 পঢ়া-শুনাত মন নাই,
তেলীয়া সাৰেঙক তেল দিছে যেন
 নেশ্যনেলত ঠাই পায়॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ১৬॥