পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰীতিবাক্

 পোহনীয়া জীৱ-জন্তুৰ প্ৰতি শিশুৰ সাধাৰণ আৰু অকপট আকৰ্ষণ আৰু অলপ বঢ়াই দিলেই বনৰ জন্তুকো সহজে সামৰি ল'ব পাৰে। মানৱ সভ্যতাৰ আদি যুগৰ পুৰাণ কথা আৰু লোক কাহিনীত জীৱ-জন্তুৱে মানুহৰ দৰে কথা কয়। জীৱনৰ আদি স্তৰত অৰ্থাৎ শৈশৱত মানৱ শিশুৱে আন জীৱ-জন্তুকো সিহঁতৰ দৰে কথা বতৰা পাতিব পৰা প্ৰাণী বুলিয়েই ভাবে।

 সেই পৰম্পৰাকে ভিত্তি কৰি শ্ৰীমতী জীৱন মাধুৰীয়ে জীৱ-জন্তুৰ বিষয়ে কবিতা লেখিছে য'ত অমাত জীৱ-জন্তুৱে মানুহৰ দৰেই আচৰণ কৰে। তাৰ লগতে ধেমালিৰ ছলেৰে শিকোৱাৰ আঙ্গিকটোও ব্যৱহাৰ কৰিছে প্ৰচ্ছন্ন ভাবে।

 মোৰ দৰে বুঢ়া মানুহেও সেইবোৰ পঢ়ি আনন্দ পাইছোঁ। শিশু-কিশোৰে নিশ্চয় ‘আমোদ’ পাব। লগতে যদি জীৱ-জন্তুক ভাল পাবলৈ শিকেও⸺ সেইটো ওপৰঞ্চি লাভ।

 যাৰ বাবে কিতাপখন লিখা হৈছে, তেওঁলোকে হাতত তুলি ল’লেই লেখিকা কৃতজ্ঞ হ'ব।

 তাকেই আশা কৰিছোঁ।

নৱকান্ত বৰুৱা
গুৱাহাটী