পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘গৰুৱে আগ খায়’
 বুলি ক'লেই হ'ল
  তাকে নো নোকোৱা কিয়?'
  ‘মিছা কথা মই
   কিয় কম বাৰু
    গৰুৰ গাত দোষ দি
   তোমাৰ বাৰীত
    লোহাৰ ফেন্সিং
     গৰুৱে খাবনো কি?

   ‘তেনেহলে নো
    কেলেই নুফুলা
     কৈ নিদিয়া কিয়—
    নিতৌ পাইপেৰে
     পানী দি মই
      চাই থাকোঁ হৈ থিয়॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ২৭॥