পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“নালাগে বাৰু  বাহিৰত খেলিব
 ভিতৰতে খেলি থাকা
দেশ-বিদেশৰ  সাধু কিতাপ পঢ়া
 ছবি-তবিও আঁকা॥

মাজে মাজে এইদৰে বৰষুণ নিদিলে
 গৰমত সিজি যাবা,
ধূলি বালিয়ে  বেমাৰ মাতিব
 তেতিয়া গমটো পাবা॥”

কৈয়েই ভেকুলীয়ে  একে সুৰে তুলিলে
 টোৰ্‌ টোৰ্‌ ৰাগিনী,
বাৰিষাত যেন ভেকুলী পেহীহে
 ৰাজ্যৰ মহাৰাণী॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৩৪॥