পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফলৰ মোল

ঔটেঙা আৰু নেমুটেঙাৰ বোলে
থেকেৰা বাৰীত ঘৰ,
কুঁজি থেকেৰাই তাকে কই কই
ৰস পায় হেনো বৰ॥
আমলখিয়ে লিখিয়েই দিয়ে
কাৰণ মাতটো কেঁহা,
সুমথিৰাই হে থিৰ কৰা নাই
ক’ত নো কৰিব বেহা॥

আপেলে বোলে পে পে কৈ
ঢেৰ কথা গল কই
মধুৰিয়ে হেনো বেয়াই পাইছে
আচহুৱা যেন হই॥

# বনৰ বন্ধুৰ মনৰ খবৰ ॥২১॥