পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰো মন যায়।
 পখিলা ভোমোৰাক
  ভোল নিয়াবলৈ ৰূপত॥
 ‘জন্মদিন’ বুলি
  মৃত্যু দিন বুলি
   কিমান যে ফুল ছিঙা
  আমাৰ গছবোৰৰ
   বুকুবোৰ বাৰু
    নালাগেনে ৰিঙা ৰিঙা!!
   তোমালোকে যদি
    অঙ্গীকাৰ কৰা
     ফুলবোৰ নিছিঙো বুলি,
    আমিও বাৰু
     সকলো পাহৰি
      হাঁহি হাঁহি থাকিম ফুলি॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ৩০॥