পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাতেই আক’উ লুকাই আছিল
 এক নিশাচৰ,
তাকেহে চাইছে ভাবি নিশাচৰে
 মাৰিলে ভিৰাই লৰ॥

বিজুলীবেগে কিবা যোৱা যেন দেখি
 গঁড়েও মাৰি লৰ
পিছে পিছে তাক খেদি ল’ই গ'ল
 চিঞৰি ‘ধৰ্‌ ধৰ্‌'॥

ল’ৰি ল'ৰি তাক খেদি থাকোতেই
 পালেগৈ হাবি বৰ
তাতে নিজৰ প্ৰতিচ্ছবি দেখি
 গঁড় লাগিল থৰ॥

বাহ্ এয়াচোন কাজিৰঙা হাবি
 গঁড়ৰ নিজা ঘৰ
ঘৰ পায়েই গঁড়ৰ দেখোন
 ভাল গৈ গ'ল জ্বৰ॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ৭॥