প্ৰতিফল

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
প্ৰতিফল
লেখক উপেন্দ্ৰ নাথ দত্ত
[ iii ]
 

——প্ৰতিফল ——

উ-না-দ

 

(ডিটেক্‌টিভ্‌ কাহিনী)

 

বেচ ৷৷৹ (আঠ অনা)

 

[ iv ]
 

প্ৰকাশক:–

শ্ৰীজীৱনানন্দ দত্ত।

গ্ৰেজুৱেটচ্ ইউনিয়ন্

গুৱাহাটী।
 


১ম সংস্কৰণ
কাতি, ১৩৫৩



 

জয়ন্তী আৰ্ট প্ৰেছত শ্ৰীযদু নাথ দাসৰ দ্বাৰা মুদ্ৰিত।

[ v ]
 

প্ৰকাশকৰ মন্তব্য

 ন লিখাৰুক উৎসাহ দিয়া হিচাবেই কিতাপ খনি প্ৰকাশ কৰা হ’ল। পাঠক পাঠিকা সকলেও যেন সেই হিচাবেই পঢ়ে।

 “প্ৰতিফলৰ”ৰ গুণাগুণৰ বিচাৰ বিজ্ঞ সমাজৰ বিবেচ্য। ইতি—

 

— প্ৰকাশক —

 

[  ]

—— প্ৰতিফল ——

১ম পৰিচ্ছেদ

 নগৰৰ দক্ষিণফালে ঠিক সীমাৰ বাহিৰত বিখ্যাত ব্যৱসায়ী সুৰেন বৰাৰ ঘৰ। তেওঁৰ প্ৰকাণ্ড ঘৰে বাৰীয়ে প্ৰায় দুবিঘা মাটি জুৰি আছে। ৰাস্তাৰ ফালে প্ৰকাণ্ড দুমহলীয়া ঘৰটো। তেওঁৰ ঘৰৰ চাৰিওফালে এখন ওখ দেৱাল। আগফালে গেট। গেটৰ পৰা এটা তিনি হাতমান বহল ৰঙা ইটাৰ গুৰিৰ বাট ঘৰৰ দুৱাৰমুখ পাইছেহি। বাটটোৰ দুয়োকালে ফুলৰ বাগিচা। নানা তৰহৰ দেশী-বিদেশী ফুলৰ গছেৰে ভৰা। ঘৰৰ পিছফালে তামোল-পাণ, আম-কঠাল আদিৰ বাৰী।

 বৰা নগৰৰ সৰ্বশ্ৰেষ্ঠ ব্যৱসায়ী। তেওঁ এই অঞ্চলত এজন বিখ্যাত কাৰবাৰী বুলি খ্যাত। তেওঁৰ পিতাকে কোনো এটা বেচৰকাৰী অফিচত [  ] কেৰাণীৰ কাম কৰিছিল। পিতাকৰ তেৱেঁ‌ই একমাত্ৰ সন্তান আছিল। তেওঁ যেতিয়া ৬ বছৰৰ লৰা সেই সময়তে মাক ঢুকায়। পিতাকেই তেওঁক ডাঙৰ দীঘল কৰে। আত্মীয়-স্বজন বুলিবলৈ তেওঁলোকৰ কোনো নাছিল।

 ইয়াৰ পিচত প্ৰায় ১৮ বছৰ বয়সত তেওঁৰ পিতাকৰ মৃত্যু ঘটে। ফলত অনাথ অৱস্থাত তেওঁ পতিত হয়। পিতাকৰ কাষলতিৰ তলত ঘুৰি ফুৰা সুৰেন বৰাই কঠোৰ বাস্তৱৰ সমুখীন হব লগাত পৰে।

 ২ বছৰ টলৌ-টপৌ কৈ ঘূৰি ফুৰাৰ পিচত তেওঁ এদিন তেওঁৰ ধনী বন্ধু জিতেন লহকৰৰ লগত ব্ৰহ্মদেশলৈ যাত্ৰা কৰে।

 ৫ বছৰমান পিচত সেই ডাল-দৰিদ্ৰ সুৰেন বৰা পুনৰ নিজৰ দেশলৈ ঘূৰি আহে। তেতিয়া ডাল-দৰিদ্ৰ সুৰেন বৰা নহয়— লক্ষপতি সুৰেন্দ্ৰনাৰায়ণ বৰা। তেতিয়া কিন্তু জিতেন লহকৰ লগত নাছিল আৰু তেতিয়াৰ পৰাই জিতেন লহকৰৰ খবৰ বাতৰি কোনেও পোৱা নাই।
[  ]  বৰ্তমানে মানুহে জানে যে সুৰেন বৰাই নিজৰ অধ্যৱসায়ৰ ফলত কাঠৰ কাৰবাৰত লক্ষপতি হৈ ফিৰি আহে; আৰু জিতেন লহকৰ এতিয়াও ব্ৰহ্মদেশতেই আছে। মাজৰ ৫ বছৰৰ কথা মানুহে নাজানে— আনকি সুৰেন বৰা পৰ্য্যন্ত এই বিষয়ত নীৰৱ।

 বৰাৰ লৰা দুজন। ডাঙৰ জনৰ নাম কৃষ্ণ বৰা আৰু সৰুজনৰ নাম হৰ বৰা। বৰাৰ ঘৈণীয়েকৰ দুবছৰমান আগেয়ে মৃত্যু হয়।

 বৰাৰ বৰ্তমান বয়স প্ৰায় ৫৫ বছৰ। তেওঁ, মানুহজন চুটি-চাপৰ আৰু শকত আৱত, মুখখন ঘূৰণীয়া, চকু দুটা সৰু সৰু; মুখত দাড়ীৰ চিন চাব নাই; কিন্তু গোঁফ আছে, মূৰটোত চুলি দুডাল এডালকৈ নাইকিয়া হব ধৰিছে।

 ডাঙৰ লৰা কৃষ্ণকান্তৰ বৰ্তমান বয়স প্ৰায় ২৫ বছৰ। বি, এ, পাচ কৰি দেউতাকৰ কাৰবাৰ চোৱাত লাগিছে। কাৰবাৰী বিদ্যাত দেউতাকক চেৰ পেলাই গৈছে। লোকৰ মূৰত টাঙোন মাৰি টকা অৰ্জ্জা বিদ্যা প্ৰায় আয়ত্ত কৰি লৈছে।
[  ]  সৰু, হৰকান্তই কলিকতাত থাকি এম, এ পঢ়ে। ষ্টাইল কৰা বিষয়ত নাম কৰিছে। দুই ভায়েকৰ কোনো কথাতেই মতৰ মিল নাই।

 বৰাই সদায়েই ৰাতি ৯টা বজাত ভাত খাই উঠি দোকানৰ হিচাব পত্ৰ চোৱাত লাগে। হিচাব পত্ৰ চাই উঠি ৰাতি প্ৰায় বাৰটা বজাত শোৱে।

 সিদিনাও বৰাই খাই লৈ উঠি হিচাব-পত্ৰ চাই আছিল। ৰাতি প্ৰায় ১১টা বাজিছে। জাৰৰ দিন। ইফালে কৃষ্ণ পক্ষৰ শেহতীয়া ৰাতি; গতিকে গোটই জগত অন্ধকাৰৰ অতল গহ্বৰত তল গৈ আছিল। বৰাই এখন গৰম আলোৱানেৰে নিজৰ সৰ্ব্বাঙ্গ ঢাকি একাণপতীয়া হৈ হিচাবত মন দিছিল। তেতিয়া ঘৰৰ বাকী মানুহবোৰ টোপনিৰ জালত।

 হঠাৎ সুৰেন বৰাই পিচফালে এটা খচ্ খচ্ শব্দ শুনি মুখ ঘূৰাই চালে; চায়েই তেওঁ চক্ খাই উঠিল; তেওঁ ঠক্ ঠক্‌কৈ কঁপিবলৈ ধৰিলে। তেওঁ ভয়তে ইমান কঁপছিল যে তেওঁৰ ‌দাঁতে দাঁতে লাগি খট্ খট্ শব্দ উঠিছিল। অৱশেহত অতি কষ্টেৰে তেওঁ উচ্চাৰণ কৰিলে,– “তু-তু-মি—তু-ম্-মি।”
[  ]  আগন্তুকজন প্ৰায় ৬ ফুট দীঘল প্ৰকাণ্ড মানুহ আছিল। তেওঁৰ বয়স প্ৰায় ৫০ বছৰ হব। মানুহজন সবল শৰীৰৰ আৰু দেখিবলৈ ধুনীয়া আছিল। তেওঁৰ বয়স ৫০ বছৰমান হলেও তেওঁৰ নিটোল স্বাস্থ্যই তেওঁৰ শাৰীৰিক শক্তি ২৫ বছৰীয়া ডেকাতকৈ বেচি নহলেও অন্ততঃ সমান বুলি কবলৈ বাধ্য কৰিব। তেওঁৰ পৰিধানত দামী গৰমকোট আৰু লংপেণ্ট। তাৰোপৰি তেওঁৰ দুই হাতত আছিল দুটা পিস্তল আৰু মূৰত এটা দামী টুপী। পিস্তল দুটাই বৰাৰ ফালে মুখ কৰি আছে।

 বৰাৰ কথা শুনি আগন্তুকে কলে— “এৰা ময়েই। সম্ভবতঃ চিনি পাইছা; নহলে ইমান ভয় নাখালা হেতেন। তুমি মনে মনে সেই চকীখনত বহা। ...

 “বেচ! এতিয়া পলাবৰ চেষ্টা বা চিঞৰিবৰ চেষ্টা কোনোটোৱেই নকৰিবা। কাৰণ তেতিয়া মৃত্যু ঘটিব।”

 ‘‘তুমি ইয়াত মোক দেখি বৰ আচৰিত হৈছা নহয়? ভাবিছিলা ইৰাৱতীত মোৰ মৃত্যু ঘটিছে। আৰু তুমিও নিৰাপদ হৈছা। কিন্তু মোৰ মৃত্যু [  ] ভগৱানৰ অভিপ্ৰেত নাছিল। আৰু সেইবাবেই আচৰিত ভাৱে এজন নাৱৰীয়াৰ হাতত মোৰ জীৱন ৰক্ষা পৰে। সেই নাৱৰীয়াৰ বাবেই মই আজি তোমাক নিজ হাতেৰে তোমাৰ বিশ্বাসঘাতকতাৰ প্ৰতিফল দিবলৈ আহিব পাৰিছো, আৰু ভগৱানৰ ইচ্ছাও বোধকৰো এয়েই!

 “মই বহুদিন আগেয়েই তোমাৰ গুৰিলৈ আহিলোঁহেতেন; কিন্তু টকা-পইচাৰ যোগাৰ নোহোৱাৰ বাৱেই আহিব পৰা নাছিলো। আজি আহিব পাৰিছোঁ। আৰু আজি তোমাক হত্যা কৰি তোমাৰ বিশ্বাসঘাতকতাৰ প্ৰতিশোধ লম। তুমি....।”

 "মই ভুল কৰিছলোঁ‌।” আগন্তুকৰ কথা শেষ নহওঁতেই বৰাই কাতৰ ভাবে কালে, “তোমাক মোৰ আধা সম্পত্তি দিম; মোক ক্ষমা কৰা...”

 “মনে মনে থাকা” আগন্তুকে কৰ্কশ স্বৰেৰে ডাবি দি উঠিল; “তোমাৰ কান্দোন মই শুনিবলৈ অহা নাই। তুমি মৰিবই লাগিব। তোমাৰ সম্পত্তিত মোৰ আৱশ্যকতা নাই। ঈশ্বৰৰ ইচ্ছাত মই বৰ্ত্তমানে তোমাতকৈ বহু গুণে ধনী। মোৰ [  ] টকাৰেই ব্যৱসায়ত নামি দুয়ো বহু টকা উপাৰ্জ্জন কৰিছিলোঁ‌। কিন্তু ফিৰি আহিবৰ সময়ত লোভত পৰি ভাবিলা মোক হত্যা কৰি মোৰ সকলো টকা আত্মসাৎ কৰি অকলে সকলো ভোগ কৰিবা। অৱশ্যে তুমি ভোগ যথেষ্ট কৰিছা এই ২০-২৫ বছৰে। কিন্তু আজিৰ পৰা তোমাৰ ভোগৰ দিন উকলিল।”

 বৰাই পুনৰায় কলে, “মই তোমাক এতিয়াই ৫০,০০০৲ টকাৰ চেক্ এখন লিখি দিওঁ। তুমি মোক ক্ষমা কৰা।”

 বৰাই লৰালৰিকৈ ড্ৰয়াৰৰ পৰা চেক্ বহী উলিয়াই এখন চেক্ লিখি দিলে।

 “তুমি বৰ দিগদাৰী কৰাহে”, মানুহজনে ভেকাহী মাৰি উঠিল। “তোমাৰ নিচিনা দহোটাক মই কিনি লব পাৰো, আৰু তুমি আহা মোক ৫০,০০০৲ টকাৰ লোভ দেখুৱাবলৈ?” এই বুলি চেক্ খন টুকুৰা-টুকুৰ কৰি ফালি পেলালে আৰু কলে, “এয়া তোমাৰ চেক্।”

 ঘড়ীত টং টং কৰি ১২টা কোব পৰিল।

 মানুহজনে কলে, “ইহ্ বাৰটা বাজিলেই।” তাৰ [  ] পিচত বৰাৰ ফাললৈ চাই কলে,— “সাজু হোৱা সুৰেন বৰা; আৰু ১৫ মিনিট মাথোন তুমি বাচি থাকিবলৈ পাবা।”

 “জিতেন, বন্ধু হিচাবে অন্ততঃ ক্ষমা কৰা,” বুলি বৰাই মানুহজনৰ ভৰিত দীঘল দি পৰিল।

 “বন্ধু?” বুলি আগন্তুকে বিকট শব্দৰে হাঁহি উঠিল। তাৰ পিচতেই কৰ্কশ কণ্ঠেৰে কলে, “বন্ধু! আজি বন্ধু বুলি তুমি প্ৰাণৰ ভয়ত কবলৈ বাধ্য হৈছা। কিন্তু সেইদিনা, মোক মাৰিবলৈও যেতিয়া কুণ্ঠাবোধ কৰা নাছিল। তেতিয়া বন্ধুত্ব গৈছিল ক’লৈ?...... ৫ মিনিট সময় আছে; মনে মনে চকীখনত বহি থাকা।”

 বৰাৰ মুখত হতাশাৰ ভাৱ ফুটি উঠিল। অৱসন্ন ভাৱে চকীখনত বহি পৰিল।

 পাঠক সকলে বোধহয় এতিয়া গম পাইছে, যে আগন্তুকেই সুৰেন বৰাৰ বন্ধু, জিতেন লহকৰ আৰু এওঁয়েই বৰাৰ লগত বৰ্ম্মালৈ গৈছিল।

 “ওহ্হো। এটা কথা পাহৰছিলোৱেই’ জিতেনে কৈ উঠিল, “এখন চিঠি লিখিব লাগে। চাও [  ] কাগজ এচিলা আৰু কলম এটা দিয়াচোন।...... বেচ্। ৰ’বা আগেয়ে মই সত্যক মাতি লওঁ। নহলে তুমি গণ্ডগোল কৰিব পাৰা। ” বুলি তেওঁ মাত লগালে— “সত্য, সত্য।”

 লগে লগে এজন ডেকা লৰা খিৰিকিয়েদি ভিতৰ সোমাই আহিল।

 জিতেনে ডেকাজনৰ ফালে চাই কলে, “সত্য, তুমি অলপ বৰাক পহৰা দিয়া। মই চিঠিখন লিখি থওঁ। বৰা, তোমাৰ আয়ু অলপ দীঘল আছিল বোধকৰো।” বুলি চিঠি লিখিবলৈ ধৰিলে।

 চিঠিখন লিখা হোৱাৰ পিচত তেওঁ সেইখন টেবুলৰ ওপৰত থৈ সত্যক কলে, “তুমি এতিয়া যাব পাৰা। ঠিক্ চাৰে বাৰটাত গুলীয়াম।”

 সত্যই খিৰিকিয়েদি বাহিৰ ওলাই গ’ল। জিতেনে পুনৰ বৰাক কবলৈ ধৰিলে, “সুৰেন, তোমাক মই তিলে তিলে হত্যা কৰিব পৰাহলে বেচি সুখী হলোঁহেতেন! তোমাৰ বাবে মই যিমান কষ্ট সহ্য কৰিছোঁ‌! ৩ মাহ, বুজিছা, পূৰা ৩ মাহ মই বাটে বাটে মগনীয়াৰ নিচিনা ঘূৰি ফুৰিছো। কত [ ১০ ] দিন লঘোনে কটাইছোঁ। কিন্তু সিমান খিনি কষ্ট তুমি এতিয়া নাপাবা। এক চেকেণ্ডতে তোমাৰ মৃত্যু ঘটিব। মই যি কষ্ট পাইছিলোঁ‌ তাক তোমাক দিব পৰাহেতেঁ‌ন মোৰ উচিত প্ৰতিফল লোৱা হ’ল হেতেন।

 “তোমাক মাৰি উঠি আৰু এজনক প্ৰতিফল দিব লাগিব। সিওঁ মোৰ লগত অলপ গণ্ডগোল লগাইছিল। কিন্তু তোমাৰ দৰে মূৰত টঙনাব নোৱাৰিলে। ...... ৫ মিনিট বাকী আছে। তুমি যদি মোৰ লগত বিশ্বাসঘাতকতা নকৰিলাহেতেন তেনেহলে আজি আমি দুয়ো লগলাগি জগতক দেখুৱাব পাৰিলোঁ‌ হেতেন যে অসমীয়াইও ব্যৱসায় কৰিব জানে। কিন্তু সি নহল। তোমাৰ নিচিনা মানুহ অসমীয়াৰ মাজত আছে বাবেই অসমীয়াৰ কোনো ফালেই উন্নতি নাই। ... ৪৫ চেকেণ্ড বাকী আছে, বৰা। ..... তুমি বোধ হয় এতিয়া গম পাইছা যে বিশ্বাসঘাতকে তাৰ ফল লাভ কৰেই। ...... ৫ চেকেণ্ড ...”

 “জিতেন...!” বৰাই শেহবাৰৰ বাবে চিঞৰি [ ১১ ] চেয়াৰৰ পৰা জপিয়াই উঠিল। লগে লগে দুটা পিস্তলৰ যুগপৎ গৰ্জ্জন শুনা গ’ল আৰু বৰাৰ মৃত দেহ মাটিত বাগৰি পৰিল। বৰাই কি ক’ব খুজিছিল বা কৰিব খুজিছিল গম পোৱা নগল।

 জিতেনে বৰাৰ মাটিত পৰা দেহ লাৰি চাই খিৰিকিয়েদি ওলাই গ’ল।

 

২য় পৰিচ্ছেদ

 ডিটেক্‌টিভ হৰেন বৰুৱাৰ ঘৰ। বৰুৱা এতিয়াও সৰ্ব্বসাধাৰণৰ মাজত বিখ্যাত হৈ উঠা নাই। কিন্তু তেওঁৰ সূক্ষ্মদৃষ্টি, অসাধাৰণ বুদ্ধি, অদ্ভুত ক্ষিপ্ৰতা আৰু কৌশলৰ বাবে পুলিচ বিভাগত সু-পৰিচিত কেবাটাও অদ্ভুত চুৰিৰ মীমাংসা কৰিবলৈ পুলিচক সহায় কৰি বৰ্ত্তমানে পুলিচবিভাগৰ এজন আৱশ্যকীয় মানুহত পৰিণত হৈছে। তেওঁ এম, এ, পঢ়ি থাকোতেই অপৰাধ তত্ত্বত মন দিয়ে আৰু এম, এ পাচ কৰি উঠি জটিল ‘কেচ’ বিলাকত পুলিচক সহায় কৰাত লাগে। কিন্তু সেইবুলি তেওঁ টকা আৰ্জ্জিবলৈ এই কামত হাত দিয়া [ ১২ ] নাছিল। ই আছিল তেওঁৰ ধেমালিৰ নিচিনা সহজ কথাত ইংৰাজীত যাক বোলে ‘হবি’ (Hobby)।

 এই কামত তেওঁৰ প্ৰধান সহায় আছিল তেওঁৰ বন্ধু অজিত চৌধুৰী। অজিত চৌধুৰী এজন বিলাত ফেৰৎ ডাক্তৰ। তেওঁ M. D. উপাধিধাৰী।

 সিদিনা দুয়ো গল্প কৰি আছিল। এনেতে চাকৰ দীন সোমাই আহি কলে, “দেউতা, আপোনাক এজন মানুহে মাতিছে।”

 “কাক?” বৰুৱাই সুধিলে।

 “আপোনাক।”

 “বাৰু, বহিবলৈ দেগৈ যা।”

 চ’ৰা ঘৰত বৰুৱাই সোময়েই দেখিলে এজন মানুহ বহি আছে। মানুহজন দেখিলেই বুজা যায় যে তেওঁ বৰ অধৈৰ্য হৈ পৰিছে। তেওঁৰ মুখ বেদনাময়। চুলি আউলী-জাউলি, চকু ৰঙা মুখখন শেতা।

 “আপুনিয়েই হৰেন বৰুৱা?” তেওঁ বৰুৱা সোমাই অহা মাত্ৰেই সুধিলে; লগতে নমস্কাৰো কৰিলে।
[ ১৩ ]  “এৰা। বহক।” বৰুৱাই কলে।

 “মোক বোধহয় অপুনি চিনি পোৱা নাই।”

 "নাই।”

 “মোৰ নাম কৃষ্ণকান্ত বৰা; সুৰেন বৰাৰ ময়েই ডাঙৰ ল'ৰা।” মানুহজনে ক'লে।

 “অ’ পিছে আপুনি আহিলে কেলৈ?” বৰুৱাই সুধিলে।

 “যোৱা ৰাতি দেউতাক কোনোবাই গুলী কৰি হত্যা কৰিছে। মই.....”

 “হত্যা? যোৱা ৰাতি??”

 “হয়।” কৃষ্ণকান্তই কলে, “মই সেই কাৰণেই আপোনাৰ গুৰিলৈ আহিছোঁ। আপুনি যেনেকৈয়েই হওক হত্যাকাৰীক ধৰি দিব লাগিব। মই ৫০,০০০৲ টকা দিবলৈ মান্তি হৈছোঁ। মই আপোনাৰ বিষয়ে শুনিছোঁ‌।”

 “আপোনাক মোৰ গুৰিলৈ আহিবলৈ ক’লে কোনে?”

 “মই আগেয়েই পুলিচ ইন্সপেক্টৰ দাসৰ মুখত আপোনাৰ কথা শুনিছিলোঁ‌। সেই বাবেই আহিছোঁ‌। [ ১৪ ] আপুনি হত্যাকাৰীক যেনে তেনে ধৰি দিয়ক। মই ৫০,০০০৲ টকা দিবলৈ মান্তি হৈছো। লাগে যদি মই এতিয়াই লেখা-পঢ়া কৰিবলৈ মান্তি।” শেষৰ কথাখিনি কৃষ্ণকান্তই অনুনয়ৰ সুৰত কয়।

 “চাওক,” বৰুৱাই কবলৈ ধৰিলে, “মই টকাৰ বাবে পুলিচক কোনো কামতেই সহায় কৰা নাই আৰু আগলৈও নকৰোঁ‌। আপোৰ পিতৃ-হন্তাক ধৰিবলৈ মই যিমান পাৰোঁ‌ চেষ্টা কৰিম; কিন্তু আপোনাৰ ৫০,০০০৲ টকাৰ লোভত নহয়। ... ভাল বাৰু, আপুনি পুলিচক এই খবৰ দিছে?”

 “নাই দিয়া।”

 “বাৰু, মই এতিয়া এবাৰ গৈ মোৰ চাবলগীয়া খিনি চাই আহো-পুলিচ অহাৰ আগেয়েই; কিন্তু আপুনি পুলিচক পিচত খবৰ দিব— বুজিছে? কাৰণ হয়তো মই সফল নহবও পাৰো, পুলিচেই হয়তো হত্যাকাৰীক ধৰিব পাৰে। তাৰোপৰি পুলিচত খবৰ দিয়াটো কৰ্ত্তব্য। গতিকেই মই অহাৰ পিচতেই আপুনি খবৰ দিব। ...বাৰু যাওঁ‌ বল’ক এতিয়া।”
[ ১৫ ]  “বলক।” কৃষ্ণকান্ত থিয় হ’ল।

 “ৰব, মই ওলাই আহোঁ‌।” বৰুৱা ভিতৰ সোমাই গ’ল আৰু অলপ পিচতেই অজিতক লগত লৈ ওলাই আহিল।

 বাটত বৰুৱাই কৃষ্ণকান্তক ঘটনাৰ আঁতিগুৰি কবলৈ দিয়াত কৃষ্ণকান্তই কবলৈ ধৰিলে–

 “দেউতাই সদায় ৰাতি ১২টা মান বজালৈ তেওঁৰ কোঠালিত বহি হিচাব-পত্ৰ চাই থাকে। আমি অৱশ্যে সকলোৱেই ১০টা মান বজাতে শোওঁ। ১০৷৷টা মান বজাৰ পিচত দেউতাৰ বাহিৰে আন কোনো সাৰে নাথাকে। কালি ৰাতিও আমি আটায়েই ১০টা মান বজাতেই শুই থাকো; কিন্তু দেউতাই তেতিয়াও কাম কৰি কৰিয়েই আছিল। ৰাতিটোৰ ভিতৰত মই এবাৰো সাৰ পোৱা নাছিলোঁ। আজি পুৱাও মই ৭৷৷টামান বজাতহে সাৰ পাইছো; যদিও আন দিনা ৬টাতে উঠোঁ। কিন্তু তেতিয়াও ঘৰৰ কোনোৱেই সাৰ পোৱা নাছিল। মই অলপ আচৰিত হৈ চাকৰ-বাকৰ বোৰক মাতিবলৈ গৈ দেখোঁ‌ যে সিহঁ‌ত তেতিয়াও ভৰ-টোপনিত; [ ১৬ ] অৱশ্যে পিচতহে গম পাওঁ যে সিহঁত ভৰ-টোপনিত নাছিল। সিহঁতক ক্লোৰোফৰ্ম্মৰ দ্বাৰা অজ্ঞান কৰি থৈছিল। মই বহুত কষ্টেৰে সিহঁতৰ জ্ঞান অনাই উদ্‌গ্ৰীৱ হৈ দেউতাৰ কোঠালীলৈ যাওঁ। গৈ দেখো এই অৱস্থা। তেওঁৰ মৃতদেহ পৰি আছে।

 “তাৰ পিচতেই মই আপোনাৰ গুৰিলৈ আহো” কৃষ্ণকান্তই তেওঁৰ কথা শেষ কৰিলে।

 “ৰব আপুনি গুলী কৰি, মাৰাৰ কথা কৈছে নহয়?” বৰুৱাই সুধিলে।

 “এৰা।”

 “তেনেহলে আপোনাৰ কথাই ঠিক। আপোনালোকক অজ্ঞান কৰি থৈহে হত্যা কৰিছে। নহলে গুলীৰ শব্দ শুনিলেহেঁতেন। ক্লোৰফৰ্ম্মৰ দ্বাৰাই হওক বা আন যি কোনো উপায়েৰেই হওক আপোনালোকক অজ্ঞান কৰিছিল। ...... বাৰু আপুনি সেইটো কোঠালিত কিবা পাইছিল নেকি?”

 “অ’, মই পাহৰিছিলোৱেই,” কৃষ্ণকান্তই জেপৰ পৰা এখন চিঠি উলিয়াই বৰুৱাৰ হাতত দি কলে, [ ১৭ ] “এইখন টেবুলৰ ওপৰত পাইছিলো। ইয়াৰ বাহিৰে আন একো পোৱা নাই।”

 বৰুৱাই চিঠিখন হাতত লৈ মেলিলে।

 অজিতে অত পৰে নিশব্দে গৈ আছিল। এই বাৰ চিঠিখন চাবলৈ বৰুৱাৰ গুৰি চাপিল।

 এই খনেই যোৱা ৰাতি জিতেন লহকৰে লিখি থৈ যোৱা চিঠি।

 চিঠিখন কাকো সম্বোধন কৰি লিখা নাছিল। মাথো তলৰ কথা কেই ফাকি লিখা আছিল।

 “সুৰেন বৰাৰ বিশ্বাসঘাতকতাক ‘প্ৰতিফল’ আজি প্ৰায় ৩০ বছৰৰ মূৰত দিলো। সি মোক যি কষ্ট দিছিল তাৰ তুলনাত সি অতি সহজতে ৰেহাই পালে।

 “বৰাৰ পাচত আৰু এজনক বিশ্বাসঘাতকতাৰ প্ৰতিফল দিব লগীয়া আছে। তাৰ নাম ইয়াত প্ৰকাশ নকৰো। সময়ত সকলোৱে জানিব পাৰিব। তলত অৱশ্যে মোৰ নাম লিখা আছে। কিন্তু পুলিচে যেন মিছাকৈয়ে মোক সেই নামত বিচাৰি হায়ৰান নহয়। কাৰণ বৰ্ত্তমানে মই সেই জিতেন [ ১৮ ] লহকৰ নহওঁ; এজন বিখ্যাত ধনী ৰূপে মই খ্যাত।

 আজি ৩০ বছৰৰ মূৰত মই যে এই বিশ্বাসঘাতকতাৰ প্ৰতিফল দিব পাৰিলোঁ‌ ইয়ে মোৰ তৃপ্তি। মই বিশ্বাসঘাতকতাৰ যি প্ৰতিশোধ ললো সি বোধ হয় বিশ্বাসঘাতক সকলক সাৱধান কৰি দিব।

 ৰাতি ১২৷৷ টা বজাত বৰাৰ মৃত্যু ঘটিছে। ইতি—

শ্ৰীজিতেন্দ্ৰনাথ লহকৰ।

 “দেখা গ’ল প্ৰতিহিংসা বশতেই হত্যাকাৰীয়ে বৰাক হত্যা কৰিছে।” অজিতে ক’লে।

 “এৰা” বৰুৱাই অজিতৰ কথাত সন্মতি জনালে আৰু কৃষ্ণকান্তক সুধিলে, “বাৰু আপুনি জিতেন লহকৰৰ বিষয়ে কিবা জানেনে? আপোনাৰ আগত বৰাই কিবা কৈছিল নেকি?”

 “নাই” কৃষ্ণকান্তই উত্তৰ দিলে, “জিতেন লহকৰৰ বিষয়ে মই কাৰো মুখত একো শুনা নাই আৰু বিশেষ একো কবও নোৱাৰোঁ‌। মাত্ৰ এইখিনিয়েই জানোঁ‌ যে লহকৰ দেউতাৰ বাল্য[ ১৯ ] বন্ধু আছিল আৰু দেউতাৰ লগত ব্ৰহ্মদেশলৈ গৈছিল।”

 ‘ও। এইটো কিন্তু জনা গ’ল যে সি বৰ্ত্তমানে ইয়াতে আছে আৰু সম্ভৱতঃ আৰু এজনক হত্যা কৰিব। কিন্তু বাল্য-বন্ধুৰ লগত বৰাই এনে কি বিশ্বাসঘাতকতা কৰিলে যে তাৰ বাবে তেওঁক হত্যা কৰিলে?” বৰুৱাই যেন নিজকে সুধিলে।

 অলপ পিচতে তেওঁলোক বৰাৰ ঘৰত উপস্থিত হল।

 

৩য় পৰিচ্ছেদ

 বৰাৰ ঘৰত উপস্থিত হৈয়েই বৰুৱাহঁত সুৰেন বৰাৰ কোঠালীত উপস্থিত হ’ল।

 কোঠালীটোৰ ভিতৰত এফালে এখন পালেং, আনফালে এখন ডাঙৰ টেবুল, দুখন চকী আৰু এটা ডাঙৰ আলমাৰীৰ বাহিৰে আন বস্তু একোৱেই নাছিল। পালেং খনৰ ভৰিৰ ফালে এখন ডাঙৰ খিড়িকী আৰু টেবুল খনৰ আগেদিয়েও এখন খিড়িকী [ ২০ ] আছিল। পালেং খনৰ মূৰৰ ফালেদি ভিতৰৰ কোঠালীলৈ যোৱা দুৱাৰ।

 বৰুৱাই কোঠালীটোৰ ভিতৰ ঘূৰি-পকি চাই কৃষ্ণ কান্তক কলে, “ব’লক, বাহিৰলৈ যাওঁ।”

 অলপ পিচতেই তেওঁলোক বাগিচাৰ মাজে মাজে গৈ সুৰেন বৰাৰ কোঠালীৰ পালেঙৰ পিচৰ ফালৰ খিড়িকী খনৰ তল পালে গৈ।

 বৰুৱাই হঠাতে কৈ উঠিল, জিতেন লহকৰ এই ফালেৰেই আহিছিল। এইখন খিড়িকীদিয়েই ভিতৰ সোমাইছিল। খিড়িকীত তাতে আকৌ ৰড নাই।”

 “কেনেকৈ গম পালে?” অজিতে সুধিলে।

 “এয়া, খিড়িকীৰ তললৈ আহা।” বৰুৱাই কলে।

 অজিত আৰু কৃষ্ণকান্ত খিড়িকীৰ তল পালেহি। বৰুৱাই তেতিয়া তেওঁলোকক এডোখৰ মাটিত ঠাই দেখুৱালে। তেওঁলোকে দেখিলে মাটিৰ ওপৰত এপাত জোতাৰ চাব। তাৰ পিচত বৰুৱাই খিড়িকীৰ তলৰ ফালে কাঠচটাৰ ওপৰত ঠিক তেনেকুৱাই এপাত জোতাৰ মাটি লাগি থকা চাব দেখুৱালে। কালি বৰষুণ হোৱা নাই। তেনেহলে [ ২১ ] এনেকুৱা শিলা মাটিত জোতাৰ চাব পৰিল কেনেকৈ? বোধহয় বৰাই খিড়িকীৰে পানী পেলাইছিল।” বৰুৱাই নিজেই প্ৰশ্ন কৰি নিজেই উত্তৰ দিলে।

 কৃষ্ণকান্ত ওপৰতলাতহে থাকে, তাত ক্লোৰোফৰ্ম্ম কৰিলে কেনেকৈ?” অজিতে সুধিলে।

 “অ’ বলাচোন ওপৰলৈ যাওঁ। বৰুৱাই কলে।

 কৃষ্ণকান্তৰ শোৱা কোঠালী পশ্চিম ফালে ওপৰ তলাত। ওপৰ তলৰ বাৰাণ্ডাৰ পূবে শোৱা ৰুম। ওপৰ তললৈ যোৱা চিৰি চ’ৰাঘৰৰ পিচৰ কোঠালীত আছে আৰু সেই ফালেদিয়েই ওপৰ তলালৈ অহা যোৱা কৰিব লাগে।

 তিনিও শোৱা কোঠালী পালেগৈ।

 কোঠালীটোৰ এফালে এখন বিচনা; আনফালে এখন টেবুল আৰু এখন চকী। তাৰ বাহিৰে আন একো নাই। কোঠালীটোৰ দুৱাৰ দুখন, এখন ভিতৰৰ ফালে আৰু আনখন বাৰাণ্ডাৰ ফালে।

 “খিড়িকীত ৰড আছে। গতিকে ইয়াত দুৱাৰেদিয়ে ভিতৰ সোমাইছে।” বৰুৱাই কলে [ ২২ ] “আপুনি ঠিকেই কৈছে। আজি পুৱা মই দুৱাৰখন খোলাই পাইছোঁ‌।”

 তিনিও বাৰাণ্ডালৈ আহিল।

 “ওপৰলৈ উঠা চিৰি বাৰাণ্ডাইদি নাই। গতিকে মোৰ বিশ্বাস এই ফালেদিয়েই জিতেন লহকৰহঁত ওপৰলৈ উঠিছিল। কাৰণ আজি পুৱা, চ’ৰাঘৰৰ দুৱাৰ বন্ধ থকাই পোৱা গৈছে। সেইটো নহলেও এইটো স্বীকাৰ কৰিব লাগিবই যে বৰাক গুলীওৱাৰ আগেয়ে আন বিলাকক ক্লোৰোফৰ্ম কৰিছে। গতিকেই সিহঁত এই ফালেদিয়েই ওপৰ তলত উঠিছে;” বৰুৱাই কলে, আৰু বাৰাণ্ডাৰ ‘ৰেলিংবোৰ পৰীক্ষা কৰিবলৈ ধৰিলে আৰু হঠাৎ অজিতহঁতৰ ফালে চাই কলে, “ৰছিৰ যখলাৰে ওপৰলৈ উঠিছিল।”

 “কেনেকৈ জানিলা?” অজিতে সুধিলে।

 “এই লোৰ ৰড কেইডাল চোৱাহি। ৰড কেইডালৰ ভিতৰ ফালে ৰং এৰি গৈছে। দেখিছা? যখলাডালৰ হুকৰ ঘঁহনি লাগিয়েই এৰিছে।” বৰুৱাই কলে।

 “কিন্তু অইন কাৰণেও এৰিব পাৰে।” কৃষ্ণকান্তই কলে।
[ ২৩ ]  “অইন কাৰণে এৰিব পাৰে সঁ‌চা।” বৰুৱাই কলে, “কিন্তু ইয়াত ৰং এৰাৰ বিশেষত্বটো লক্ষ্য কৰি চাওক— ৰড কেইডালৰ ৰং কোনো বস্তুত খুন্দা খাই এৰা নাই; কিবা এটা টান বস্তুৰ ঘঁহনি খাইহে এৰিছে।— যেতিয়া জখলা ডালৰ হু‌ক্‌টো ইয়াত লগাবলৈ দলি মাৰি পঠিয়াই, তেতিয়া তাৰ হুক্‌ডাল ৰডৰ ওপৰত খুন্দা খাইছিল তাৰ পিচত তল ফালৰ পৰা টান মাৰোতে হুক্‌ডাল চুচৰি আহিছিল তাৰ ফলতেই ৰডালৰ ৰং এৰি গৈছে। তাৰ পাছত হুকডাল যেতিয়া মজিয়াৰ কাঠৰ তক্তাত লাগে আৰু তলৰ ফালৰ পৰা মানুহ উঠা হেঁচা খায় তেতিয়া হুকৰ জোঙা মুখ কাঠত লাগি গাঁত হৈ গৈছে। দেখিছে? গতিকে মোৰ অনুমানেই ঠিক।”

 “বৰুৱা!” কৃষ্ণকান্তই চিঞৰি উঠিল, “আপুনি এজন অদ্ভুত মানুহ!”

 “আপুনি মোক বৰ ওখ কৰি ভাবিছে।” বৰুৱাই কলে, “কাৰণ মই যিখিনি কথা কলোঁ তাক অলপ মনযোগ দিলে সকলোৱে কব [ ২৪ ] পাৰিব।..... ভাল। আমি এতিয়া যাওঁ বাৰু। আপুনি এতিয়াই পুলিচত খবৰ দিব।”

 বৰুৱাহঁতে ঘৰৰ অভিমুখে খোঁজ ললে আৰু কৃষ্ণকান্তই পুলিচত খবৰ দিবলৈ গ’ল।

 বাটত বৰুৱাই অজিতক কলে, “এইটোৱেই মোৰ জীৱনত সম্পূৰ্ণ ভাৱে নিজ হাতেৰে লোৱা ‘কেচ’। ইমান দিনে পুলিচক সহায় কৰি আহিছোঁ‌। এইবাৰ পুলিচক সহায় খুজিব লাগিব। এই ‘কেচ’টো মীমাংসা কৰাত সফল হবই লাগিব।”

 অলপ ৰৈ বৰুৱাই পুনৰ কবলৈ আৰম্ভ কৰিলে, জিতেন লহকৰৰ বিষয়ে বিশেষ একোৱেই জনা নগল কোনোবাই জানিলেও বিচাৰি উলিওৱা টান হব।

 “বাৰু কাগজত বিজ্ঞাপন দিলে কেনে হব।

 “তেতিয়া বোধকৰোঁ জানিব পৰা যাব। দি চাব পাৰা।” অজিতে কলে,

 “তেনেহলে তুমি এতিয়াই গৈ আটাই কেইখন কাগজতে বিজ্ঞাপন দি আহাগৈ। মই থানালৈ গৈ দাসক লগ ধৰি আৱশ্যক হলে সহায় দিয়াৰ কথা কৈ আহোঁগৈ।” বৰুৱাই কলে।
[ ২৫ ]  অজিতে সুধিলে, “কি বুলি বিজ্ঞাপন দিব লাগিব?”

 “এনেকৈ দিবা যে জিতেন লহকৰৰ বিষয়ে যদি কোনোবাই কিবা জানে তেনেহলে তলৰ ঠিকনাত লগ ধৰি বিশদ বিৱৰণ দিলে উপযুক্ত ভাৱে পুৰস্কৃত কৰা হব। এইদৰে দিলেই হব।

 “বাৰু” বুলি অজিতে বেলেগ ৰাস্তা ধৰিলে।

 

চতুৰ্থ পৰিচ্ছেদ

 হৰেন বৰুৱাৰ ঘৰ। বৰুৱা আৰু অজিত দুয়ো কথা পাতি আছে, এনেতে চাকৰ দীন সোমাই আহি কলে, “দেউতা আপোনাক এজন মানুহে মাতিছে।

 “বাৰু বহিবলৈ দেগৈ।” বৰুৱাই কলে।

 “কোন আহিল বা?’ অজিতে সুধিলে।

 “সম্ভৱত কালি দিয়া বিজ্ঞাপন চাই কোনোবা আহিছে। বাৰু তুমি বহা, মই আহোঁগৈ।

 বৰুৱাই চ’ৰা ঘৰ পাই দেখিলে এজন ২৫/২৬ বছৰ মান বয়সৰ ডেকা বহি আছে। ডেকাজনৰ [ ২৬ ] পিন্ধনত এটা পাঞ্জাবী আৰু এখন ধুতি। বৰুৱা সোমোৱা দেখা পাই নমস্কাৰ জনাই কলে, ‘আপোনাৰ নামেই বোধকৰোঁ হৰেন বৰুৱা?

 ‘হয়, পিছে আপোনাক হলে মই চিনি পোৱা নাই। বৰুৱাই কলে।

 মোৰ নাম, মহেন্দ্ৰ শইকীয়া। যোৱা কালি আপুনি দিয়া বিজ্ঞাপনখন দেখিহে মই আহিছোঁ।”

 “সেইটো মই আগেয়েই অনুমান কৰিছিলোঁ। পিচে আপুনি জিতেন লহকৰৰ কিবা হয়নে, এনেয়েই চিনি পায়?” বৰুৱাই সুধিলে।

 “মই জিতেন লহকৰৰ একো নহওঁ আৰু তেওঁক মই চিনিও নাপাওঁ।” ডেকাজনে উত্তৰ দিলে।

 “তেনেহলে?” বৰুৱাই অলপ আচৰিত হৈ সুধিলে।

 “মই যদিও লহকৰক চিনি নাপাওঁ তথাপি তেওঁৰ বিষয়ে বহুখিনি কথা কব পাৰিম। কাৰণ দেউতাৰ লগত তেওঁৰ বৰ্ম্মাত চিনাকি হৈছিল; আৰু দেউতাৰ মুখৰ পৰাই তেওঁৰ বিষয়ে শুনিছিলোঁ‌।” শইকীয়াই কলে।
[ ২৭ ]  ‘বাৰু আপুনি যি জানে কৈ যাওক।” বৰুৱাই কলে।

 শইকীয়াই কবলৈ ধৰিলে,— “জিতেন লহকৰ আৰু বৰাই বৰ্ম্মাত কাঠৰ কাৰবাৰ খোলাৰ পিচৰ পৰাহে দেউতাই তেওঁলোকৰ বিষয়ে জানিছিল আৰু ময়ো তাৰ পিচৰ পৰাহে কব পাৰিম।”

 “কাঠৰ কাৰবাৰত ৫ বছৰমান পিচতেই তেওঁলোকে লক্ষপতি হৈ পৰে আৰু তেতিয়া দুয়ো সেই কাৰবাৰ বেচি দি দেশলৈ উভতিবলৈ মন মেলে আৰু এদিন দুয়ো কলিকতাৰ জাহাজত উঠে। জাহাজত উঠাৰ সময়ৰ পৰাই বৰাৰ মনত সকলো টকা আত্মসাৎ কৰাৰ দুৰভিসন্ধি সোমায় আৰু ৰাতি ছল পাই জাহাজৰ পৰা লহকৰক ইৰাৱতী নৈৰ পানীত পেলাই দিয়ে। কিন্তু ঈশ্বৰৰ ইচ্ছাত লহকৰৰ জীৱন এজন নাৱৰীয়াৰ হাতত ৰক্ষা পৰে আৰু প্ৰায় তিনি মাহ নানা দুখ-কষ্টৰ মাজেদি কটাই এটা অফিচত চাকৰিৰ যোগাৰ কৰি কেইবছৰমান পিচত কিছুটকা গোটাই পুনৰ কাঠৰ কাৰবাৰ খোলে।
[ ২৮ ]  “ইফালে বৰাই সেই টকা আত্মসাৎ কৰি আহি ইয়াত ব্যৱসায়ত নামে আৰু কিছুদিনৰ পিচতেই ডাঙৰ ব্যৱসায়ী ৰূপে খ্যাত হয়।”

 “কিন্তু লহকৰে বৰাক শাস্তি দিবলৈ মনতে পাঙি আছিল আৰু এবাৰ সেই বাবে পুনৰ নিজৰ দেশলৈ উভতিবলৈ মন কৰে। ঈশ্বৰৰ ইচ্ছা কি আছিল কব নোৱাৰোঁ‌, কাৰণ লহকৰৰ সেইবাৰো অহা নহ’ল, কাৰণ বৰাৰ দৰেই, লহকৰৰ এজন বঙালী সহকাৰীয়ে প্ৰায় আধা টকা আত্মসাৎ কৰি পলাই যায়। ফলত পুনৰায় লহকৰ আৰু কেই বছৰমানৰ বাবে তাতে ৰৈ যাব লগা হ’ল।”

 “এতিয়া বোধকৰো প্ৰতিফল দিয়াৰ উদ্দেশ্যেই লহকৰ ইয়াত উপস্থিত হৈছে। লহকৰে আজি কেই বছৰমানৰ আগতেই বৰ্ম্মা এৰিছে। বৰ্ত্তমানে ক’ত তাক মই কব নোৱাৰোঁ‌”, শইকীয়াই তেওঁৰ কথা শেষ কৰিলে।

 অলপ পিচতে শইকীয়া ওলাই গ’ল আৰু বৰুৱাই লৰালৰিকৈ অজিত থকা কোঠালীটোলৈ [ ২৯ ] সোমাই আহি কলে, “অজিত, তুমি ভাতপানী খাবা। মোৰ আহোঁতে পলম হব পাৰে।”

 অজিতক কথাষাৰ কৈয়েই বৰুৱা ওলাই গ’ল। অজিতে একো সুধিবলৈ নাপালে।

 প্ৰায় এঘণ্টামান পিচত বৰুৱা উভতি আহিল আৰু তেওঁ ঘৰ সোমোৱা মাত্ৰেই অজিতে সুধিলে, “কলৈ গৈছিল? তেতিয়া মানুহজনে আহি কি কলে?”

 বৰুৱাই চকী এখনত বহি কলে, “সেই মানুহজনকেই অনুসৰণ কৰি গৈছিলোঁ।”

 “কিয়?”

 “তাৰ ওপৰত সন্দেহ হৈছিল।”

 “কিয়?”

 “সি যিবিলাক কথা কৈছিল তাকে শুনি।”

 “সি কি কৈ গ’ল?”

 বৰুৱাই শইকীয়াই কোৱা সকলোখিনি কথা অজিতৰ আগত কলে।

 “তাৰ বাপেকে কলে, সি শুনিলে, তাকে তোমাৰ আগত ক’লে। নহয়?” অজিতে হাঁহি ক’লে।
[ ৩০ ]  “সেই কাৰণেই মই তাৰ ওপৰত সন্দেহ কৰিছিলোঁ আৰু মোৰ এই সন্দেহেই হত্যাকাৰীক ধৰা পেলাই দিব।”

 “কেনেকৈ?” আজিতে আচৰিত হৈ সুধিলে।

 “জিতেন লহকৰে আজি তাৰ ২য় বিশ্বাসঘাতক বঙালীটোক প্ৰতিফল দিবলৈ যাব”

 “কেনেকৈ জানিলা?” অজিতে চকীৰ পৰা জপিয়াই উঠিল।

 “মই মানুহটোক অনুসৰণ কৰোঁ, বুজিছা, আৰু সি গৈ নদীৰ পাৰৰ ঘৰ এটাত সোমায়; তেতিয়া মইও চুপি চুপি গৈ সিহঁতৰ কথা-বাৰ্ত্তা শুনোঁ‌— তাৰ পৰাই সিহঁতে যে আজি আৰু এজনক হত্যা কৰিবলৈ যাব তাৰ গম পাওঁ। কিন্তু লহকৰক নিজ চকুৰে দেখা নাপালোঁ‌। অৱশ্যে আজি ৰাতি যেনে তেনে দেখা পাম।”

 “মানুহজন লহকৰৰ সহকাৰী?"

 “এৰা। আৰু সি মোৰ আগত কৈছে তাৰ নাম মহেন্দ্ৰ শইকীয়া বুলি; কিন্তু তাৰ আচল নাম সত্য। উপাধিটো অৱশ্যে নাজানোঁ‌।” বৰুৱাই ক’লে।
[ ৩১ ]  “আজি ৰাতি সিহঁত যাব কলৈ?”

 “কব নোৱাৰোঁ। ঠাই ডোখৰৰ নাম কোৱা নুশুনিলোঁ‌। কিন্তু ঠিক ৰাতি ১২ টা বজাত যাব।”

 “তেনেহলে আমি পুলিচ ল’ব লাগিব নহয়।”

 “মই দাসক খবৰ দিছোঁ‌। তেওঁ আমাৰ কাৰণে তাতে অপেক্ষা কৰি থাকিব।” বৰুৱাই কলে, “জিতেন লহকৰে যদি বাহাদুৰী কৰি সত্যক এইবোৰ কথা কবলৈ আৰু আমাৰ খবৰ-বাতৰি নিবলৈ নপঠিয়ালে হেতেন তেনেহলে আমাৰ পক্ষে এই ঘটনাৰ মীমাংসা কৰা টান হ’লহেতেন।”

 

৫ম পৰিচ্ছেদ

 ৰাতি প্ৰায় ১১টা। ৰাস্তাঘাট নিজম। প্ৰায় সকলো মানুহেই টোপনিত। চাৰিওফালে গভীৰ নিস্তব্ধতা বিৰাজ কৰিছে। সেই নিস্তব্ধতাক মাজে মাজে দুটা এটা কুকুৰৰ মাতে চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছিল।

 এনে সময়তে দুজন মানুহক বেগাবেগিকৈ নৈৰ পাৰৰ ৰাস্তাৰে যোৱা দেখা গ’ল। এই [ ৩২ ] মানুহ দুজন আমাৰ পৰিচিত। তেওঁলোকৰ এজন হৰেন বৰুৱা আৰু আন জন অজিত চৌধুৰী।

 তেওঁলোক দুয়ো নিশব্দে গৈ আছিল। হঠাৎ অজিতে নিস্তব্ধতা ভঙ্গ কৰি সুধিলে, “পুলিচৰ হতুৱাই আমি ইহঁতক ইয়াতে গ্ৰেপ্তাৰ কৰিলেইতো হ’লহেঁতেন। মিছাকৈয়ে ইমান কষ্ট কিয় কৰিব লাগিছিল?’

 “কি অভিযোগ গ্ৰেপ্তাৰ কৰিবা?” বৰুৱাই সুধিলে।

 “সুৰেন বৰাৰ হত্যাকাৰী বুলি।”

 “সুৰেন বৰাক জিতেন লহকৰেহে হত্যা কৰিছিল”।

 “জিতেন লহকৰক আমি পালোৱেই নহয়?”

 “কোনে ক’লে জিতেন লহকৰক পালোঁ বুলি?” বৰুৱাই সুধিলে।

 “কিয় আমি এতিয়া যাৰ তালৈ যাম সি জানো জিতেন লহকৰ নহয়?”

 “হয় বুলি মইও স্বীকাৰ কৰোঁ‌, কাৰণ আমি জানিছোঁ‌। কিন্তু আনে এই কথা নাজানে অইন [ ৩৩ ] মানুহক জিতেন লহকৰ আৰু তাৰ সহকাৰী ইহঁতেই বুলি কলে কিয় বিশ্বাস কৰিব? ইহঁতেই যে জিতেন লহকৰহঁত হয় তাৰ প্ৰমাণ ক’ত?” তাতকৈ এইবাৰ বঙালীটোক মাৰিবৰ সময়ত ধৰা পেলাবলৈ পাৰিলেই সহজে কাৰ্য্য সিদ্ধি হব। এইয়া আহি পালোৱেই।”

 বৰুৱাহঁত নৈৰ পাৰৰ এটা প্ৰকাণ্ড দুমহলীয়া ঘৰৰ সমুখ পালে।

 “এই ঘৰটো জিতেনে ভাৰালৈ লৈছে।” বৰুৱাই কলে।

 এনেতে এজন মানুহ আহি তেওঁলোকৰ পিচত থিয় হ’ল।

 তেওঁলোক দুয়ো চক্ খাই উঠিল আৰু নিজৰ নিজৰ পিস্তল উলিয়াই লাহেকৈ সুধিলে, “কোন?”

 “বৰুৱা?” মানুহজনে প্ৰশ্নৰ উত্তৰ নিদি প্ৰশ্ন কৰিলে।

 “অ’ দাস।” বৰুৱাই পিস্তলটো জেপত ভৰাই থৈ কলে, “আপুনি আহিবৰ কিমান সময় হ’ল?”
[ ৩৪ ]  “প্ৰায় আধাঘণ্টামান হ’ল।” পুলিচ্ ইন্স্‌পেক্টৰ হেমন্ত দাসে উত্তৰ দিলে।

 “সিহঁত ওলাই গৈছে নেকি?” বৰুৱাই পুনৰ সুধিলে।

 “নাই যোৱা।”

 “বাৰু, বলক আমি সেই গছজোপাৰ আঁৰ লওঁ।” বৰুৱাই ক’লে

 তিনিও গছৰ আঁৰত থিয় হল আৰু জিতেন লহকৰহঁত ওলাই অহালৈ ৰখি থাকিল। তেতিয়া ঠিক বাৰটা বাজিছিল। প্ৰায় ১৫ মিনিট মান পিচত ঘৰটোৰ পৰা দুজন মানুহ ওলাই আহিল। মানুহ দুজনৰ এজন প্ৰায় ৬ফুট দীঘল আৰু আন জন সাধাৰণ হিচাবৰ ওখ। মানুহ দুজন ঘৰটোৰ পৰা ওলাই পছিম মুৱা হ’ল। লগে লগে বৰুৱাহঁত গছৰ আঁৰৰ পৰা ওলাই ৫০ গজ মান আতঁৰে আতঁৰে থাকি মানুহ দুজনক অনুসৰণ কৰিবলৈ ধৰিলে।

 এঘণ্টা মান পিচত মানুহ দুজন আহি এটা সৰু ৰাস্তাৰ কাষত থকা মজলীয়া ধৰণৰ ডাঙৰ টিঙৰ ঘৰৰ আগ পালেহি আৰু তাতে ৰ’ল।
[ ৩৫ ]  বৰুৱাইও তাকে দেখি দাস আৰু অজিতক কিছুদূৰ আতৰত থাকি ৰবলৈ দিলে।

 মানুহ দুজনে কিছু পৰ তাতে ৰৈ থাকি গেট খুলি ঘৰৰ কম্পাউণ্ডৰ ভিতৰ সোমাল আৰু ঘৰটোৰ দক্ষিণ ফালেদি গৈ এখন খিড়কীৰ তলত থিয় হ’ল। তাতে দুয়ো কিছু পৰ ৰৈ থাকিল আৰু একো শব্দ নাপাই দীঘল মানুহজন খিড়িকীয়েদি ভিতৰ সোমাই গ’ল।

 এইটোৱেই জিতেন লহকৰৰ ২য় বিশ্বাসঘাতক মনীন্দ্ৰ ব্ৰত দেৱৰ ঘৰ।

 মনীন্দ্ৰ মানুহজন বঙালী। তেওঁৰ লৰা-তিৰোতা কোনোৱেই নাই। এজন চাকৰেই ঘৰৰ সকলো কাম কৰে। ঘৰটোত এই দুজনৰ বাহিৰে আন কোনো মানুহ নাথাকে। চাকৰ জনে তাতে আকৌ তাৰ ঘৰত শোৱে। তাৰ শোৱা ঘৰটো কম্পাউণ্ডৰ উত্তৰ ফালৰ একেবাৰে মূৰত; গতিকে মনীন্দ্ৰ দেৱৰ শোৱা কোঠালীৰ পৰা চিঞৰিলেও সহজে নুশুনি।

 মানুহজন ভিতৰ সোমাই অলপ পিছতে “সত্য সত্য” বুলি মাত লগালে, অতি ধীৰে ধীৰে। [ ৩৬ ] সেই মাত শুনি বাহিৰত ৰৈ থকা চুটি মানুহ জন ভিতৰ সোমাই গ’ল।

 পাঠক সকলে বোধকৰো এতিয়া গম পাইছে যে দীঘল মানুহজন জিতেন লহকৰ আৰু চুটিজন তেওঁৰ সহকাৰী সত্য আৰু তেওঁলোক দুয়ো আহিছে মনীন্দ্ৰক হত্যা কৰিবলৈ।

 কোঠালীটোৰ ভিতৰ সোমাই দুয়ো অলপ-পৰ নিশব্দে থিয় হৈ ৰ’ল। কোঠালীটোৰ ভিতৰত পোহৰ অকণো নাছিল। সেই আন্ধাৰৰ মাজেদি তেওঁলোক দুয়ো মনীন্দ্ৰৰ উশাহ-নিশাহৰ শব্দ শুনিবলৈ পালে।

 তাৰ পিচত জিতেনে হাতৰ টৰ্চটো জ্বলাই লৈ ‘চুইচ্’ বিচাৰি লাইটটো জ্বলাই দিলে; লগে লগে কোঠালীটো উজ্জ্বল পোহৰেৰে ভৰি পৰিল।

 লাইট জ্বলোৱা শব্দতে মনীন্দ্ৰই সাৰ পাই উঠিল আৰু কোঠালীটোৰ ভিতৰত দুজন মানুহক দেখা পাই বিছনাৰ ওপৰত জপিয়াই বহি পৰিল আৰু চিঞৰ মাৰিলে, “কোন, কোন?”
[ ৩৭ ]  জিতেনে লগে লগে জেপৰ পৰা দুটা পিস্তল উলিয়ালে আৰু অনুচ্চ অথচ কঠোৰ কণ্ঠে কৈ উঠিল,— “মনে মনে বিছনাৰ পৰা নামি আহা; নহলে যমপুৰী দেখা পাবা।”

 মনীন্দ্ৰৰ বুকু আঠুৱাৰ ভিতৰতে পিস্তল দুটা দেখা পাই কঁপি উঠিল, তেওঁৰ মুখ শেতা পৰিল তেওঁ কঁপিবলৈ ধৰিলে।

 “ইমান পৰে কি কৰিছা?” জিতেনে পুনৰ কৈ উঠিল, “ওলাই নাহা কিয়?”

 মনীন্দ্ৰই ভয়তে কঁপি কঁপি উঠি আহিল। ওলাই আহিয়েই সন্মুখত জিতেন দেখা পাই চক্ খাই বিছনাৰ ওপৰতে বহি পৰিল।

 “থিয় হোৱা।” জিতেনে আদেশ দিলে। মনীন্দ্ৰই কঁপি কঁ‌পি কোনোমতে থিয় হ’ল।

 “মনীন,” জিতেনে কবলৈ ধৰিলে, “তুমি বোধকৰো মোক চিনি পাইছা। অলপতে ঘটা সুৰেন বৰাৰ মৃত্যু কাহিনীও বোধকৰো জানিবলৈ পাৰিছা। সুৰেন বৰাক হত্যা কোনে কৰিছে জানা?... মই, ময়েই সুৰেন বৰাক হত্যা কৰিছো। তুমি [ ৩৮ ] যেনেকৈ মোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিলা, সেই দৰে সুৰেন বৰাইও বিশ্বাস-ঘাতকতা কৰিছিল। আৰু সেই বাবেই আজি প্ৰায় ২৫/৩০ বছৰৰ মূৰত তাক তাৰ প্ৰতিফল দিছো। তুমিও মোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিলা আৰু সুৰেন বৰাৰ দৰে তোমাক আজি তাৰ প্ৰতিফল দিম! বুজিছা? তোমাক ১৫ মিনিট সময় বাচি থাকিবলৈ দিলো। ..... সত্য চিঠিখন মেজৰ ওপৰত থৈ দিয়া।”

 সত্যই জিতেনৰ গুৰিত থিয় হৈ আছিল। এতিয়া জিতেনৰ কথা শুনি জেপৰ পৰা এখন চিঠি উলিয়াই মেজৰ ওপৰত থৈ দিলে।

 ‘৫ মিনিট সময় আছে।” জিতেনে ঘড়ীৰ ওপৰত চকু ফুৰাই কলে।

 মনীন্দ্ৰই ইমান সময়ে কোনোমতে থিয় দি আছিল; এইবাৰ বিছনাৰ ওপৰত বহি পৰিল। তেওঁৰ কঁপনি ইমান বেছি হৈছিল যে বিছনাখন পৰ্য্যন্ত কঁপি উঠিছিল।

 “এঃ,” জিতেনে বিৰক্তিৰ সুৰত কলে, “ভয়তে হাৰ্টফেল, কৰিব যেনহে পাওঁ। এতিয়া যে মৰিবলৈ [ ৩৯ ] ইমান ভয় কৰিছা, বিশ্বাসঘাতকতাৰ সময়ত ভয় গৈছিল কলৈ? ..... ১ মিনিট বাকী..... ৪৫ চেকেণ্ড ..... ২৫ চেকেণ্ড.....”

 “অলপ ৰ’ব জিতেন লহকৰ,” বৰুৱাই খিড়িকীৰ মুখৰ পৰা ক’লে।

 জিতেনহঁত চক্ খাই উঠিল আৰু উভতি চাই দেখিলে বৰুৱা, অজিত আৰু দাসক। তিনিওৰে হাতত তিনিটা পিস্তল। পিস্তল কেইটাৰ মুখ জিতেন আৰু সত্যৰ ফালে।

 “আপুনি বৰ খৰ-ধৰ লগাইছে লহকৰ,” বৰুৱাই পুনৰ ক’লে, “মনীন্দ্ৰ দেৱক আপুনি প্ৰতিফল দিবলৈ আহিছে কিন্তু নিজে সুৰেন বৰাক হত্যা কৰাৰ প্ৰতিফল লবলৈ সাজু হওঁক। ... অনুগ্ৰহকৈ যেনেদৰে আছে ঠিক্ সেইদৰেই থাকক। ... অজিত, দাস ভিতৰ সোমাই যাওক।”

 কিন্তু অজিত আৰু হেমন্ত দাসে ভিতৰ সোমৱাৰ আগেয়ে ওপৰা-ওপৰিকৈ দুটা গুলীৰ শব্দ শুনা গ’ল, লগে লগে বৰুৱাৰ হাতৰ পিস্তলেও গৰ্জ্জি উঠিল; ধোৱাই ঠাইডোখৰ আগুৰি পেলালে।
[ ৪০ ]  ধোঁ‌ৱা কম পৰাত দেখা গ’ল সত্য, লহকৰ আৰু মনীন্দ্ৰৰ দেহ মাটিত বাগৰি আছে। সত্য আৰু মনীন্দ্ৰৰ প্ৰাণ পখী উৰি গৈছে। সিহঁত দুয়োৰে মৃত্যু ঘটে লহকৰৰ গুলীত আৰু লহকৰে গুলী খায় বৰুৱাৰ হাতত।

 লহকৰ তেতিয়াও মৰা নাছিল কিন্তু মৰাত বেচি পৰ নালাগিল। মৰণৰ সময়ত কৈ গ’ল, “সত্যক হত্যা কৰিলো যাতে মোৰ বৰ্ত্তমান পৰিচয় মানুহে নাজানে। মনীন্দ্ৰক তাৰ প্ৰতিফল দিলো..... এয়ে মোৰ তৃপ্তি। মইও নৰহত্যাৰ প্ৰতিফল পালো। .....প্ৰতিফল দিলো আৰু প্ৰতিফল পালো.....”

শেষ

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।