এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)
নাছিল। ই আছিল তেওঁৰ ধেমালিৰ নিচিনা সহজ কথাত ইংৰাজীত যাক বোলে ‘হবি’ (Hobby)।
এই কামত তেওঁৰ প্ৰধান সহায় আছিল তেওঁৰ বন্ধু অজিত চৌধুৰী। অজিত চৌধুৰী এজন বিলাত ফেৰৎ ডাক্তৰ। তেওঁ M. D. উপাধিধাৰী।
সিদিনা দুয়ো গল্প কৰি আছিল। এনেতে চাকৰ দীন সোমাই আহি কলে, “দেউতা, আপোনাক এজন মানুহে মাতিছে।”
“কাক?” বৰুৱাই সুধিলে।
“আপোনাক।”
“বাৰু, বহিবলৈ দেগৈ যা।”
চ’ৰা ঘৰত বৰুৱাই সোময়েই দেখিলে এজন মানুহ বহি আছে। মানুহজন দেখিলেই বুজা যায় যে তেওঁ বৰ অধৈৰ্য হৈ পৰিছে। তেওঁৰ মুখ বেদনাময়। চুলি আউলী-জাউলি, চকু ৰঙা মুখখন শেতা।
“আপুনিয়েই হৰেন বৰুৱা?” তেওঁ বৰুৱা
সোমাই অহা মাত্ৰেই সুধিলে; লগতে নমস্কাৰো
কৰিলে।