পৃষ্ঠা:Pratiphal.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)

মানুহক জিতেন লহকৰ আৰু তাৰ সহকাৰী ইহঁতেই বুলি কলে কিয় বিশ্বাস কৰিব? ইহঁতেই যে জিতেন লহকৰহঁত হয় তাৰ প্ৰমাণ ক’ত?” তাতকৈ এইবাৰ বঙালীটোক মাৰিবৰ সময়ত ধৰা পেলাবলৈ পাৰিলেই সহজে কাৰ্য্য সিদ্ধি হব। এইয়া আহি পালোৱেই।”

 বৰুৱাহঁত নৈৰ পাৰৰ এটা প্ৰকাণ্ড দুমহলীয়া ঘৰৰ সমুখ পালে।

 “এই ঘৰটো জিতেনে ভাৰালৈ লৈছে।” বৰুৱাই কলে।

 এনেতে এজন মানুহ আহি তেওঁলোকৰ পিচত থিয় হ’ল।

 তেওঁলোক দুয়ো চক্ খাই উঠিল আৰু নিজৰ নিজৰ পিস্তল উলিয়াই লাহেকৈ সুধিলে, “কোন?”

 “বৰুৱা?” মানুহজনে প্ৰশ্নৰ উত্তৰ নিদি প্ৰশ্ন কৰিলে।

 “অ’ দাস।” বৰুৱাই পিস্তলটো জেপত ভৰাই থৈ কলে, “আপুনি আহিবৰ কিমান সময় হ’ল?”