এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৯)
ইমান ভয় কৰিছা, বিশ্বাসঘাতকতাৰ সময়ত ভয় গৈছিল কলৈ? ..... ১ মিনিট বাকী..... ৪৫ চেকেণ্ড ..... ২৫ চেকেণ্ড.....”
“অলপ ৰ’ব জিতেন লহকৰ,” বৰুৱাই খিড়িকীৰ মুখৰ পৰা ক’লে।
জিতেনহঁত চক্ খাই উঠিল আৰু উভতি চাই দেখিলে বৰুৱা, অজিত আৰু দাসক। তিনিওৰে হাতত তিনিটা পিস্তল। পিস্তল কেইটাৰ মুখ জিতেন আৰু সত্যৰ ফালে।
“আপুনি বৰ খৰ-ধৰ লগাইছে লহকৰ,” বৰুৱাই পুনৰ ক’লে, “মনীন্দ্ৰ দেৱক আপুনি প্ৰতিফল দিবলৈ আহিছে কিন্তু নিজে সুৰেন বৰাক হত্যা কৰাৰ প্ৰতিফল লবলৈ সাজু হওঁক। ... অনুগ্ৰহকৈ যেনেদৰে আছে ঠিক্ সেইদৰেই থাকক। ... অজিত, দাস ভিতৰ সোমাই যাওক।”
কিন্তু অজিত আৰু হেমন্ত দাসে ভিতৰ সোমৱাৰ
আগেয়ে ওপৰা-ওপৰিকৈ দুটা গুলীৰ শব্দ
শুনা গ’ল, লগে লগে বৰুৱাৰ হাতৰ পিস্তলেও
গৰ্জ্জি উঠিল; ধোৱাই ঠাইডোখৰ আগুৰি পেলালে।