এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)
আপুনি হত্যাকাৰীক যেনে তেনে ধৰি দিয়ক। মই ৫০,০০০৲ টকা দিবলৈ মান্তি হৈছো। লাগে যদি মই এতিয়াই লেখা-পঢ়া কৰিবলৈ মান্তি।” শেষৰ কথাখিনি কৃষ্ণকান্তই অনুনয়ৰ সুৰত কয়।
“চাওক,” বৰুৱাই কবলৈ ধৰিলে, “মই টকাৰ বাবে পুলিচক কোনো কামতেই সহায় কৰা নাই আৰু আগলৈও নকৰোঁ। আপোৰ পিতৃ-হন্তাক ধৰিবলৈ মই যিমান পাৰোঁ চেষ্টা কৰিম; কিন্তু আপোনাৰ ৫০,০০০৲ টকাৰ লোভত নহয়। ... ভাল বাৰু, আপুনি পুলিচক এই খবৰ দিছে?”
“নাই দিয়া।”
“বাৰু, মই এতিয়া এবাৰ গৈ মোৰ চাবলগীয়া
খিনি চাই আহো-পুলিচ অহাৰ আগেয়েই; কিন্তু
আপুনি পুলিচক পিচত খবৰ দিব— বুজিছে?
কাৰণ হয়তো মই সফল নহবও পাৰো, পুলিচেই
হয়তো হত্যাকাৰীক ধৰিব পাৰে। তাৰোপৰি
পুলিচত খবৰ দিয়াটো কৰ্ত্তব্য। গতিকেই মই
অহাৰ পিচতেই আপুনি খবৰ দিব। ...বাৰু
যাওঁ বল’ক এতিয়া।”