পৃষ্ঠা:Pratiphal.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮)

লহকৰ নহওঁ; এজন বিখ্যাত ধনী ৰূপে মই খ্যাত।

 আজি ৩০ বছৰৰ মূৰত মই যে এই বিশ্বাসঘাতকতাৰ প্ৰতিফল দিব পাৰিলোঁ‌ ইয়ে মোৰ তৃপ্তি। মই বিশ্বাসঘাতকতাৰ যি প্ৰতিশোধ ললো সি বোধ হয় বিশ্বাসঘাতক সকলক সাৱধান কৰি দিব।

 ৰাতি ১২৷৷ টা বজাত বৰাৰ মৃত্যু ঘটিছে। ইতি—

শ্ৰীজিতেন্দ্ৰনাথ লহকৰ।

 “দেখা গ’ল প্ৰতিহিংসা বশতেই হত্যাকাৰীয়ে বৰাক হত্যা কৰিছে।” অজিতে ক’লে।

 “এৰা” বৰুৱাই অজিতৰ কথাত সন্মতি জনালে আৰু কৃষ্ণকান্তক সুধিলে, “বাৰু আপুনি জিতেন লহকৰৰ বিষয়ে কিবা জানেনে? আপোনাৰ আগত বৰাই কিবা কৈছিল নেকি?”

 “নাই” কৃষ্ণকান্তই উত্তৰ দিলে, “জিতেন লহকৰৰ বিষয়ে মই কাৰো মুখত একো শুনা নাই আৰু বিশেষ একো কবও নোৱাৰোঁ‌। মাত্ৰ এইখিনিয়েই জানোঁ‌ যে লহকৰ দেউতাৰ বাল্য-