পৃষ্ঠা:Pratiphal.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

 “বলক।” কৃষ্ণকান্ত থিয় হ’ল।

 “ৰব, মই ওলাই আহোঁ‌।” বৰুৱা ভিতৰ সোমাই গ’ল আৰু অলপ পিচতেই অজিতক লগত লৈ ওলাই আহিল।

 বাটত বৰুৱাই কৃষ্ণকান্তক ঘটনাৰ আঁতিগুৰি কবলৈ দিয়াত কৃষ্ণকান্তই কবলৈ ধৰিলে–

 “দেউতাই সদায় ৰাতি ১২টা মান বজালৈ তেওঁৰ কোঠালিত বহি হিচাব-পত্ৰ চাই থাকে। আমি অৱশ্যে সকলোৱেই ১০টা মান বজাতে শোওঁ। ১০৷৷টা মান বজাৰ পিচত দেউতাৰ বাহিৰে আন কোনো সাৰে নাথাকে। কালি ৰাতিও আমি আটায়েই ১০টা মান বজাতেই শুই থাকো; কিন্তু দেউতাই তেতিয়াও কাম কৰি কৰিয়েই আছিল। ৰাতিটোৰ ভিতৰত মই এবাৰো সাৰ পোৱা নাছিলোঁ। আজি পুৱাও মই ৭৷৷টামান বজাতহে সাৰ পাইছো; যদিও আন দিনা ৬টাতে উঠোঁ। কিন্তু তেতিয়াও ঘৰৰ কোনোৱেই সাৰ পোৱা নাছিল। মই অলপ আচৰিত হৈ চাকৰ-বাকৰ বোৰক মাতিবলৈ গৈ দেখোঁ‌ যে সিহঁ‌ত তেতিয়াও ভৰ-টোপনিত;