পৃষ্ঠা:Pratiphal.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)

 আগন্তুকজন প্ৰায় ৬ ফুট দীঘল প্ৰকাণ্ড মানুহ আছিল। তেওঁৰ বয়স প্ৰায় ৫০ বছৰ হব। মানুহজন সবল শৰীৰৰ আৰু দেখিবলৈ ধুনীয়া আছিল। তেওঁৰ বয়স ৫০ বছৰমান হলেও তেওঁৰ নিটোল স্বাস্থ্যই তেওঁৰ শাৰীৰিক শক্তি ২৫ বছৰীয়া ডেকাতকৈ বেচি নহলেও অন্ততঃ সমান বুলি কবলৈ বাধ্য কৰিব। তেওঁৰ পৰিধানত দামী গৰমকোট আৰু লংপেণ্ট। তাৰোপৰি তেওঁৰ দুই হাতত আছিল দুটা পিস্তল আৰু মূৰত এটা দামী টুপী। পিস্তল দুটাই বৰাৰ ফালে মুখ কৰি আছে।

 বৰাৰ কথা শুনি আগন্তুকে কলে— “এৰা ময়েই। সম্ভবতঃ চিনি পাইছা; নহলে ইমান ভয় নাখালা হেতেন। তুমি মনে মনে সেই চকীখনত বহা। ...

 “বেচ! এতিয়া পলাবৰ চেষ্টা বা চিঞৰিবৰ চেষ্টা কোনোটোৱেই নকৰিবা। কাৰণ তেতিয়া মৃত্যু ঘটিব।”

 ‘‘তুমি ইয়াত মোক দেখি বৰ আচৰিত হৈছা নহয়? ভাবিছিলা ইৰাৱতীত মোৰ মৃত্যু ঘটিছে। আৰু তুমিও নিৰাপদ হৈছা। কিন্তু মোৰ মৃত্যু